নাজিৰা, ২৯ জুনঃ নাজিৰাৰ মেছাগড়ৰ আমকটীয়া চুকত বিগত কেইবাদিন ধৰি নাহৰ ফুটুকী বাঘে সমগ্ৰ অঞ্চলটোতে আতংকৰ সৃষ্টি কৰিছে৷ নাহৰ ফুটুকী বাঘে দিন দুপৰতে অঞ্চলটোত প্ৰৱেশ কৰি গোহালিৰ পৰা গৰু, ছাগলী ভক্ষণ কৰি সন্ত্ৰাসৰ সৃষ্টি কৰিছে। বাঘৰ আতংকত অঞ্চলটোৰ লোকসকলে দিনতে ঘৰৰ পৰা ওলাবলৈ ভয় কৰিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে। অঞ্চলটোৰ বাসিন্দা সকলে বন বিভাগক শীঘ্ৰে নাহৰফুটুকী বাঘটো ধৰি পুনৰ আমকটীয়া চুকত স্বাভাৱিক অৱস্থা ঘূৰাই আনিবলৈ আহ্বান জনাইছে৷