নাজিৰা, ১১ জুলাইঃ শিৱসাগৰৰ হাঁহচৰা চেতিয়া গাঁওস্থিত কৰ্মযোগী ভূৱন চন্দ্ৰ গগৈ সোঁৱৰণী পুথিভঁৰাল প্ৰেক্ষাগৃহত অফটাচ নাট্যগোষ্ঠী আৰু এনাজৰী সাহিত্য সংস্কৃতি গোষ্ঠীৰ যৌথ সহযোগত এখনি গ্ৰীষ্ম কালীন নাট কৰ্মশালাৰ আয়োজন কৰা হৈছে। এই কৰ্মশালাত প্ৰাথমিক পৰ্যায়ৰ পৰা দশম শ্ৰেণীৰ বহু ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহণ কৰিছে। আয়োজক সমিতিয়ে জানিবলৈ দিয়া মতে কৰ্মশালাত ৫৭ জন ছাত্ৰ- ছাত্ৰীয়ে অংশ গ্ৰহণ কৰিছে। ছাত্ৰ-ছাত্ৰী সকলক কৰ্মশালাত নাটকৰ সংলাপ, অংগ সঞ্চালন ওপৰত প্ৰশিক্ষণ দিয়া হয়। কৰ্মশালাৰ সামৰণি অনুষ্ঠানত দিল্লী ৰাষ্ট্ৰীয় নাট্য জাতীয় পীঠৰ ছয়জন বিষয়ববীয়া তথা কৰ্মকৰ্তা সমল বিষয়া হিচাবে  উপস্থিত থাকি নাট কৰ্মশালাত  অংশগ্ৰহণ কৰা ছাত্ৰ -ছাত্ৰী সকলক উৎসাহিত কৰিব। কৰ্মশালাত নাট্য কৰ্মী ৠতুপৰ্ণ দত্ত, পংকজ শইকীয়া আৰু পলী ফুকন উপস্থিত থাকি অংশগ্ৰহণকাৰী সকলক নাট্য পাঠৰ প্ৰাৰম্ভিক জ্ঞানৰ লগতে কৌশলৰ প্ৰশিক্ষণ দিয়ে।