অনলাইন ডেস্ক, ১৯ জুনঃ সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই এনডিএ দলে ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে নিজৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰে। বিজেপিৰ অধ্যক্ষ অমিত শ্বাহে সংসদীয় দলৰ বৈঠকৰ পিছত সংবাদ মেলত বিহাৰৰ ৰাজ্যপাল ৰামনাথ কোবিন্দৰ নাম ঘোষণা কৰে এনডিএৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰাৰ্থী ৰূপে। ৰামনাথ কোবিন্দ কানপুৰাৰ বাসিন্দা আৰু বৰ্তমান তেওঁ বিহাৰৰ ৰাজ্যপাল। উল্লেখ্য যে এনডিএৰ ৰাষ্ট্ৰপতিৰ পদৰ প্ৰাৰ্থীৰ নামক লৈ কিছুদিন ধৰি বহু জল্পনা-কল্পনা চলিছিল। বিজেপি নেতা লালকৃষ্ণ আদৱানীৰ নামো এনডিএয়ে ৰাষ্ট্ৰপতি পদৰ বাবে আগবঢ়াব পাৰে বুলি বহুতে আশা প্ৰকাশ কৰিছিল। অৱশেষত ৰামনাথ কোবিন্দক এনডিএয়ে ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে নিজৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰে। ৰামনাথ কোবিন্দ এজন দলিত সম্প্ৰদায়ৰ লোক। তেওঁ উচ্চতম ন্যায়ালয় আৰু দিল্লী উচ্চ ন্যায়ালয়ত ১৬ বছৰ উকালতি কৰাৰ লগতে ১৯৯৮ পৰা ২০০২ চনলৈ বিজেপিৰ দলিত মৰ্চাৰ সভাপতি আছিল।