কোকৰাঝাৰ, ২২ জুনঃ কোকৰাঝাৰৰ ছেৰফাংগুৰী আৰক্ষী থানাৰ অৰ্ন্তগত আফলাগাওঁত এনডিএফবি (এছ)ৰ দুৰ্ধষ কেডাৰ আটক কৰা হয়৷ সেনাবাহিনীৰ তৃতীয় ৰাজপুট ৰেজিমেন্ট আৰু আৰক্ষীয়ে যুটীয়াভাবে অভিযান চলাই এনডিএফবি (এছ) ৰ ৩৯ নং বেটছৰ দুৰ্ধষ সদস্যজনক আটক কৰে৷ জানিব পৰা মতে, আটকাধীন সদস্য গৰাকীক ছালেন বসুমতাৰী (২৫) ওৰফে বি.ছানখাঙ৷ আৰক্ষীয়ে আটকাধীন সদস্য গৰাকীৰ পৰা এটা পিষ্টল আৰু এটা মোবাইল ফোন জব্দ কৰে৷ সেনা-আৰক্ষীৰ সূত্ৰে জানিব পৰা মতে এক গোপন সূত্ৰৰ পম খেদি সেনাবাহিনীৰ তৃতীয় ৰাজপুট ৰেজিমেন্ট আৰু আৰক্ষীয়ে যৌথ অভিযান চলাই এনডিএফবি (এছ)ৰ ৩৯ নং বেটছৰ দুৰ্ধষ সদস্যজনক আটক কৰে৷ অধিক তথ্যৰ বাবে সেনা-আৰক্ষীয়ে ধৃত এনডিএফবি সদস্য গৰাকীক মাৰাথন জেৰা অব্যাহত ৰাখিছে৷