নতুন ভাৰত নির্মাণৰ অংশীদাৰ হ’বলৈ নাগৰিকক আহ্বান

নতুন দিল্লী, ২১ জুনঃ ভাৰতৰ চৰকাৰৰ বৈদ্যুতিক আৰু তথ্য প্রযুক্তি মন্ত্ৰালয়ৰ অধীনস্থ দেশৰ নাগৰিকক জড়িতকৰণৰ মঞ্চ MyGov.in য়ে নিউ ইণ্ডিয়া চেম্পিয়নশ্বিপ শীৰ্ষক এক প্রতিযোগিতাৰ আয়োজন কৰিছে৷ এই প্রতিযোগিতাৰ লক্ষ্য হৈছে ভাৰতৰ নাগৰিকক জড়িত কৰি তেওঁলোকৰ নিজ নিজা দৃষ্টিভংগী প্ৰদৰ্শনৰ সুযোগ দিয়া আৰু নতুন ভাৰত নির্মাণ প্ৰচেষ্টাৰ অংশীদাৰ হােৱা। উল্লেখ্য যে, প্রধানমন্ত্রী শ্ৰী নৰেন্দ্ৰ মােদীয়ে ২০১৪ ৰ জুলাইত MyGov পৰ্টেলটাে আনুষ্ঠানিকভাৱে মুকলি কৰিছিল৷ এই পৰ্টেলটােত বৰ্তমানলৈকে ৪২.৫ লাখ সদস্য পঞ্জীকৃত কৰা হৈছে আৰু প্ৰায় ১৫০০টা বিষয় তথা প্ৰতিযোগিতাত ৩৮ লাখতকৈ অধিক লোকে অংশগ্রহণ কৰিছে। এগৰাকী ভাৰতীয় নাগৰিক হিচাপে তথা দেশৰ এটা অংগ হিচাপে সমৃদ্ধিশালী ভাৰত গঢ়াৰ বাবে আমি সকলোৱে উচ্চ অভিলাসী তথা আশা আকাঙ্খা আগত লৈ আগবাঢ়ি যাব লাগে৷ এই আকাঙ্কা দৰিদ্ৰতা দূৰীকৰণ অথবা অধিক প্ৰযুক্তি সাজু কৰা আদি যিয়েই নহওক আমি সকলো সাজু থাকিব লাগে৷ নতুন ভাৰত নির্মাণ সন্দৰ্ভত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগীৰে ক’বলৈ গ’লে, চেম্পিয়নশ্বিপ হৈছে এনে এক মঞ্চ, যি দেশৰ নাগৰিকক তেওঁলোকৰ সপোনবোৰ ভাগ-বতৰা কৰাত সহায় পাৰে আৰু চৰকাৰক এই সপোনবোৰ বাস্তৱ ৰূপ দিয়াত সহায় কৰে। এই সন্দৰ্ভত MyGov ৰ মুখ্য কাৰ্যবাহী বিষয়া গৌৰৱ দ্বিবেদীয়ে কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শিতাক জীয়াই ৰখাৰ বাবে আমি সকলো প্ৰতিশ্ৰুতিবদ্ধ৷ নতুন ভাৰত মানেই হৈছে উন্নয়ন, য’ত সকলো যুৱক-যুৱতীৰ সপোন বাস্তৱ হ’ব, সকলো মহিলাৰ আশা পূৰণ হয়, দুখীয়া আৰু অভাৱগ্ৰস্ত লোকসকলে অপৰিসীম সুযোগ লাভ কৰে। এইখন এনে এক ভাৰত য’ত ডিজিটাইজেচন দ্রুত গতিত বৃদ্ধি পাই আৰু দেশত অধিক দক্ষতাপূর্ণ কাম কৰিব পৰা পৰিৱেশৰ সৃষ্টি হয়। আমি এনে এক ভাৰত নির্মাণ কৰিব বিচাৰোঁ যে অতীতৰ লেহেমীয়া আৰু অদক্ষতাৰ বিপৰীতে দ্রুত গতিত অগ্ৰসৰ হয়৷