গুৱাহাটী, ১৪ আগষ্টঃ অসমৰ লগতে উত্তৰ পূৱৰ সুন্দৰী আৰু বুদ্ধিমতী যুৱতীসকলক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্রীয় সৌন্দর্য প্রতিযোগিতাত প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে প্ৰাইড ইষ্ট এন্টাৰটেইনমেন্টছ প্রাইভেট লিমিটেডে ২০১৩ চনত পোণপ্ৰথমবাৰৰ বাবে আয়ােজন কৰিছিল উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ এই সৌন্দর্য প্রতিযোগিতা ফিয়ামা নৰ্থ-ইষ্ট ডিভা ২০১৬-১৭ৰ৷ তৃতীয় বৰ্ষত ভৰি দিয়া ফিয়ামা নৰ্থ-ইষ্ট ডিভা ২০১৬-১৭ৰ আয়োজকে এইবাৰ এক ব্যতিক্রমী চিন্তা আৰু পৰিকল্পনাৰে অসমৰ বাপোটি সাহােন শিল্প সংস্কৃতিক বিশ্বৰ দৰবাৰত তুলি ধৰাৰ প্ৰয়াস কৰিছে৷ ফিয়ামা নৰ্থ-ইষ্ট ডিভা ২০১৬-১৭ৰ আন এক প্রধান উদ্দেশ্য হৈছে উত্তৰ পূৱৰ পৰ্যটন ক্ষেত্ৰখনক বিশ্বৰ দৰবাৰত চিনাকী কৰি দিয়া। প্রকৃতিৰ ৰূপেৰে মনোমোহা উত্তৰ পূৱৰ স্থানসমূহ ফিয়ামা নৰ্থ-ইষ্ট ডিভাৰ আয়োজকে বিজয়ীসকলৰ জৰিয়তে বিশ্ববাসীৰ আগত তুলি ধৰাৰ প্ৰয়াস কৰিছে৷ ফিয়ামা নৰ্থ-ইষ্ট ডিভা ২০১৬-১৭ৰ আয়োজকে মুগা শিল্পৰ প্ৰসাৰ, প্ৰচাৰ আৰু উত্তৰণৰ বাবে গ’ল্ডেন থ্ৰিড অৱ আসাম শীৰ্ষক অনুষ্ঠান সন্নিবিষ্ট কৰিছে। সোণালী সূতাৰ দেশ হিচাপে পৰিচিত অসমৰ  মুগা বস্ত্ৰৰ দ্বাৰা নির্মিত বিভিন্ন সামগ্ৰীয়ে ফেশ্বন জগতৰ লগতে সর্বসাধাৰণক আকৃষ্ট কৰি আহিছে। প্রাইড ইষ্ট এন্টাৰটেইনমেন্টছ প্রাইভেট লিমিটেডে মুগা বস্ত্ৰৰ বিভিন্ন সম্ভাৱনাক বাস্তৱত ৰূপ দিয়াৰ পৰিকল্পনা কৰিছে৷ ফিয়ামা নৰ্থ-ইষ্ট ডিভা ২০১৬-১৭ৰ মূল প্ৰতিযোগিতাত অংশগ্ৰহণৰ সুবিধা লাভ কৰা প্ৰতিযোগিসকলক প্রশিক্ষণ দিব ভাৰতৰপ্রখ্যাত সৌন্দর্য বিশেষজ্ঞসকলে। উল্লেখযোগ্য যে এই প্ৰশিক্ষণত শ্ব ডাইৰেক্টৰ হিচাপে শ্যামলি কালৰা, পাগন্ত প্ৰশিক্ষক হিচাপে থাকিব নয়নীতা লোধ, ৰেম্প ৱাকৰ প্ৰশিক্ষণ দিব অঞ্জলি ৰাৱটিয়ে৷ ফিয়ামা নৰ্থ-ইষ্ট ডিভা ২০১৬-১৭ৰ প্ৰতিযোগিতাত বিজয়ী প্রতিযোগীয়ে ২০১৭ চনত অনুষ্ঠিত হ’বলগীয়া য়ামাহা ফেছচিনো মিছ ডিভাত পোনপটীয়া অংশগ্ৰহণৰ সুবিধা লাভ কৰিব। আনহাতে, প্রথম আৰু দ্বিতীয় ৰাণাৰ আপ দুগৰাকীয়ে য়ামাহা ফেছচিনো মিছ ডিভাত ২০১৭ৰ মুম্বাই অডিশ্ব্যনত অংশগ্ৰহনৰ সুবিধা লাভ কৰিব।