অনলাইন ডেস্ক সংবাদ ৩৬৫, ২৯ জুনঃ Not In My Name ছ’চিয়েল মিডিয়াৰ আহ্বানত হাজাৰ হাজাৰ লোক ৰাজধানী দিল্লীৰ যন্তৰ-মন্তৰকে ধৰি দেশৰ বিভিন্ন ঠাইত গো ৰক্ষাৰ নামত দেশত হৈ থকা হিংসাত্মক ঘটনাৰ বিৰুদ্ধে ওলাই অহাৰ পিছত অৱশেষত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মুখ খুলিলে। দুদিনীয়া গুজৰাট ভ্ৰমণলৈ যোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশৰ বৰ্তমান পৰিস্থিতিৰ ওপৰত দুখ প্ৰকাশ কৰি প্ৰশ্ন কৰে যে মানুহক মাৰি জানো গো ৰক্ষা কৰিব পৰা যায়? প্ৰধানমন্ত্ৰী গৰাকীয়ে সবৰমতি আশ্ৰমলৈও যায়। প্ৰধানমন্ত্ৰী গৰাকীয়ে মত প্ৰকাশ কৰি কয় যে মহাত্মা গান্ধীয়ে আমাক গৰুক সেৱা কৰাৰ শিক্ষা দিছে৷ গান্ধীজীৰ এই নীতিক অনুসৰণ কৰি আমি হিংসাৰ পথ পৰিত্যাগ কৰি অহিংসাৰ পথত আগুৱাই যাব লাগিব, আমাৰ দেশ অহিংসাৰ দেশ। প্ৰধানমন্ত্ৰীয়ে অতি কঠোৰ ভাষাৰে গোভক্ষক সকলক বাৰ্তা প্ৰেৰণ কৰি কয় যে গৰুৰ নামত হত্যা কৰাটো উচিত নহয়, গো ৰক্ষাৰ নামত আইন নিজৰ হাতত যাতে লোৱা নহয়। প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে হিংসাৰ দ্বাৰা কোনো সমস্যা সমাধান নহয়৷ গতিকে আমি সকলোৱে একত্ৰিত ভাবে কাম কৰি মহাত্মা গান্ধীৰ সপোনৰ ভাৰত নিৰ্মাণ কৰিব লাগিব। ইয়াৰ পূৰ্বেও প্ৰধানমন্ত্ৰী মোডীয়ে গো ৰক্ষাৰ নামত হোৱা হিংসাৰ বিৰোধ কৰি কৈছিল যে কিছুমান দুস্কৃতিকাৰীয়ে ৰাতি অপ্ৰীতিকৰ কাম কৰি দিনত গো ৰক্ষক হয়। এইসকল লোকে গো ৰক্ষাৰ নামত সমাজত অশান্তি সৃষ্টি কৰাৰ চেষ্টা কৰিছে।