ভুৱা তথ্যৰে এন আৰ চিত নাম অন্তর্ভুক্তিৰ বাট বন্ধ হ’ল : আছুৰ আদৰণি

In ৰাজ্য

গুৱাহাটী, ৬ ডিচেম্বৰ: ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ প্রক্রিয়াত ‘পঞ্চায়তৰ নথি’ আৰু ‘মূল বাসিন্দা’ বিষয়ত উচ্চতম ” ন্যায়ালয়ে কালি প্রদান কৰা ৰায়ক সদৌ অসম ছাত্র সন্থাই আদৰণি জনাইছে৷ উচ্চতম ন্যায়ালয়ৰ তদাৰকত চলি থকা এই প্রক্রিয়াৰে অসমৰ জনসাধাৰণ আৰু ছাত্ৰসন্থাই বিচাৰি থকা অবৈধ বাংলাদেশীৰ নাম তালিকা এখন শুদ্ধ নাগৰিকপঞ্জী প্রস্তুত হ’ব বুলি ছাত্র সন্থাই আশা কৰিছে৷ ছাত্র সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈয়ে কয়— “উচ্চতম ন্যায়ালয়ে সমর্থনযোগ্য নথি, পঞ্চায়তৰ প্ৰমাণ-পত্ৰক পুনৰ পৰীক্ষা কৰিবলৈ নির্দেশনা দিছে৷ পঞ্চায়তৰ প্ৰমাণ-পত্ৰ পুনৰ যথোচিত পৰীক্ষাৰ পিছতহে সমৰ্থনযোগ্য নথি হিচাপে গণ্য কৰা হ’ব৷ পঞ্চায়তৰ প্ৰমাণ-পত্ৰ কেৱল সমর্থনযোগ্য নথিহে হ’ব৷ উল্লেখ্য, নাগৰিকপঞ্জীত নাম অন্তর্ভুক্তিৰ বাবে আৱেদনৰ সময়ত মূল নথি হিচাপে ১৯৫১ চনৰ নাগৰিকপঞ্জী বা ১৯৭১ চনলৈ ভোটাৰ তালিকা বা ৭২ চনৰ আগৰ ১২ বিধ নথি হিচাপে গণ্য কৰা হৈছিল৷ পঞ্চায়তৰ প্ৰমাণ-পত্ৰক নথি হিচাপেহে গণ্য কৰা হৈছিল৷ পঞ্চায়তৰ প্ৰমাণ-পত্ৰক মূল ১৪ বিধ নথিৰ ভিতৰত যিকোনো এবিধৰ সৈতে সংযোজিত হ’লেহে গ্রহণযোগ্য হ’ব বুলি স্পষ্ট কৰি দিয়া হৈছিল৷ এতিয়া উচ্চতম ন্যায়ালয়ে এই পঞ্চায়তৰ নথি পুনৰ পৰীক্ষণৰ নির্দেশনা দিছে৷ ছাত্ৰ সন্থাই কৈ আহিছিল যে কোনো অবৈধ বাংলাদেশীয়ে যাতে ভুল তথ্য দি নিজৰ নাম উন্নীত নাগৰিকপঞ্জীত অন্তর্ভুক্ত কৰিব নোৱাৰে তাৰ বাবে পানী নসৰকা বিধৰ ফলপ্রসু পদক্ষেপৰ প্রয়োজন৷ উচ্চতম ন্যায়ালয়ৰ আজিৰ নির্দেশনাটোৰ পুনৰ পৰীক্ষাৰ ব্যৱস্থাৰে অবৈধ বাংলাদেশীয়ে ভুল তথ্যৰে নাগৰিকপঞ্জীত নাম অন্তর্ভুক্তিৰ বাট বন্ধ কৰিলে৷

Comments

comments

You may also read!

নিশা তামুলপুৰৰ বৰ বালিশিহাত কোনো দুৰ্বৃত্তই অগ্নিসংযোগ কৰে বাহন

তামুলপুৰ, সংবাদ ৩৬৫, ১৫ নৱেম্বৰ: বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ গান্ধীবাৰী আৰক্ষী চকীৰ অন্তৰ্গত বৰ বালিশিহাত বুধবাৰে নিশা কোনো আচিনাক্ত

Read More...

সৰুপথাৰত ২১ খন গাঁও পঞ্চায়তৰ সৰ্বমুঠ ২৭৩টা পদৰ বাবে প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নির্বাচনৰ অন্তিম মনোনয়ন পত্ৰ দাখিল

সৰুপথাৰ, সংবাদ ৩৬৫, ১৫ নৱেম্বৰ: ৰাজ্যত সমাগত পঞ্চায়ত নিৰ্বাচনৰ বাবে তৎপৰ সকলো দল-কৰ্মী। অহা ৫ ডিচেম্বৰত অনুষ্ঠিত হ'ব লগীয়া

Read More...

ডিগবৈত ১৪৩ তম ৰাষ্ট্ৰীয় শ্বহীদ বীৰ বীৰছা মুণ্ডাৰ জন্ম জয়ন্তী উদযাপন: দুদিনীয়া কাৰ্যসূচীত হাজাৰ হাজাৰ লোকৰ সমাগম

ডিগবৈৰ পৰা বিজয় সূত্ৰধৰ, সংবাদ ৩৬৫, ১৫ নৱেম্বৰ: তৈলনগৰী ডিগবৈত অসম মুন্ডা মহাসভা অবিভক্ত ডিব্ৰুগড়-তিনিচুকীয়া জিলা সমিতি আৰু অবিভক্ত ডিব্ৰুগড়

Read More...

Mobile Sliding Menu