গুৱাহাটী, ৬ ডিচেম্বৰ: ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ প্রক্রিয়াত ‘পঞ্চায়তৰ নথি’ আৰু ‘মূল বাসিন্দা’ বিষয়ত উচ্চতম ” ন্যায়ালয়ে কালি প্রদান কৰা ৰায়ক সদৌ অসম ছাত্র সন্থাই আদৰণি জনাইছে৷ উচ্চতম ন্যায়ালয়ৰ তদাৰকত চলি থকা এই প্রক্রিয়াৰে অসমৰ জনসাধাৰণ আৰু ছাত্ৰসন্থাই বিচাৰি থকা অবৈধ বাংলাদেশীৰ নাম তালিকা এখন শুদ্ধ নাগৰিকপঞ্জী প্রস্তুত হ’ব বুলি ছাত্র সন্থাই আশা কৰিছে৷ ছাত্র সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈয়ে কয়— “উচ্চতম ন্যায়ালয়ে সমর্থনযোগ্য নথি, পঞ্চায়তৰ প্ৰমাণ-পত্ৰক পুনৰ পৰীক্ষা কৰিবলৈ নির্দেশনা দিছে৷ পঞ্চায়তৰ প্ৰমাণ-পত্ৰ পুনৰ যথোচিত পৰীক্ষাৰ পিছতহে সমৰ্থনযোগ্য নথি হিচাপে গণ্য কৰা হ’ব৷ পঞ্চায়তৰ প্ৰমাণ-পত্ৰ কেৱল সমর্থনযোগ্য নথিহে হ’ব৷ উল্লেখ্য, নাগৰিকপঞ্জীত নাম অন্তর্ভুক্তিৰ বাবে আৱেদনৰ সময়ত মূল নথি হিচাপে ১৯৫১ চনৰ নাগৰিকপঞ্জী বা ১৯৭১ চনলৈ ভোটাৰ তালিকা বা ৭২ চনৰ আগৰ ১২ বিধ নথি হিচাপে গণ্য কৰা হৈছিল৷ পঞ্চায়তৰ প্ৰমাণ-পত্ৰক নথি হিচাপেহে গণ্য কৰা হৈছিল৷ পঞ্চায়তৰ প্ৰমাণ-পত্ৰক মূল ১৪ বিধ নথিৰ ভিতৰত যিকোনো এবিধৰ সৈতে সংযোজিত হ’লেহে গ্রহণযোগ্য হ’ব বুলি স্পষ্ট কৰি দিয়া হৈছিল৷ এতিয়া উচ্চতম ন্যায়ালয়ে এই পঞ্চায়তৰ নথি পুনৰ পৰীক্ষণৰ নির্দেশনা দিছে৷ ছাত্ৰ সন্থাই কৈ আহিছিল যে কোনো অবৈধ বাংলাদেশীয়ে যাতে ভুল তথ্য দি নিজৰ নাম উন্নীত নাগৰিকপঞ্জীত অন্তর্ভুক্ত কৰিব নোৱাৰে তাৰ বাবে পানী নসৰকা বিধৰ ফলপ্রসু পদক্ষেপৰ প্রয়োজন৷ উচ্চতম ন্যায়ালয়ৰ আজিৰ নির্দেশনাটোৰ পুনৰ পৰীক্ষাৰ ব্যৱস্থাৰে অবৈধ বাংলাদেশীয়ে ভুল তথ্যৰে নাগৰিকপঞ্জীত নাম অন্তর্ভুক্তিৰ বাট বন্ধ কৰিলে৷