ধৃতিমান শৰ্মাৰ বিশেষ প্ৰতিবেদন, ২০ গুৱাহাটী: ৰাজ্যৰ  বিভিন্ন প্ৰান্তত চাঞ্চল্যৰ সৃষ্টি কৰি অভিলেখৰ পাছত অভিলেখ ৰচনা কৰি অহা এইবৰ্ষৰ দৰ্শকৰ সৰ্বোচ্চ সহাঁৰি লাভ কৰিবলৈ সক্ষম হৈছে জনপ্ৰিয় হৃদয়স্পৰ্শী নাট  মৰমে কান্দিছে৷ অঘোষিত মহাৰণ নলবাৰীৰ ৰাস মহোৎসৱত ১১ নৱেম্বৰৰ পৰা ১৫ নৱেম্বৰলৈ শ্বহীদ মুকুন্দ কাকতি বাছ আস্থানত নাট মঞ্চস্থ কৰিছিল নাট্যদলটোৱে৷ অসমৰ  সাম্প্ৰতিক সময়ৰ জনপ্ৰিয় নাট্যকাৰ অভিজিত ভট্টাচাৰ্য ৰচিত/পৰিচালিত “মৰমে কান্দিছে” নাটকখনে ৫ দিনত প্ৰায় ২৫ লাখ টকা ধন সংগ্ৰহ কৰে৷ উৎকৃষ্ট কাহিনী আৰু বলিষ্ঠ অভিনয়ৰ মনিকাঞ্চন “মৰমে কান্দিছে” নাটখনত অভিনয় কৰিছে মৃদুল ভূঞা, নিৰঞ্জন দাস, প্ৰণৱ শৰ্মা, অঞ্জনজ্যোতি বেজ, বিকাশ ভাৰদ্বাজ, মুনমী কলিতা, পপী পৰ্ণা, ৰুবুল কলিতাৰ লগতে বহুতো ন পুৰণি শিল্পীয়ে৷