অনলাইন ডেস্ক সংবাদ ৩৬৫, ৩ ডিচেম্বৰঃ কাগজৰ ১ টকাৰ নোট আমি সকলোৱে ব্যৱহাৰ কৰো, কিন্তু আমাৰ বেছি ভাগ মানুহে চাগে নাজানে এই কাগজৰ ১ টকাৰ নোট কেতিয়াৰ পৰা ভাৰতত প্ৰচলন হৈ আছে। চলিত বছৰতে কাগজৰ ১ টকাৰ নোটতো ১০০ বছৰ সম্পূৰ্ন কৰিছে। ৩০ নৱেম্বৰ ১৯১৭ চনত ব্ৰিটিছ চৰকাৰে কাগজৰ এই ১ টকাৰ নোটতো প্ৰথমবাৰৰ বাবে ছপা কৰি ভাৰতত প্ৰচলনৰ বাবে এৰি দিছিল। ৩০ নৱেম্বৰ ২০১৭ত কাগজৰ এই ১ টকাৰ নোটতো ১০০ বছৰ সম্পূৰ্ন কৰে। উল্লেখ্য যে ১৯২৬ চনত কাগজৰ ১ টকাৰ নোটতো ছপা বন্ধ কৰি দিয়া হৈছিল যদিও ১৯৪০ চনৰ পৰা ইয়াক পুনৰ ছপা কৰা হয়। ১৯৯৪ চনত ভাৰত চৰকাৰে কাগজৰ ১ টকাৰ নোটতো আকৌ ছপা বন্ধ কৰি দিয়ে যদিও ২০১৪ চনত কেন্দ্ৰত মোদী চৰকাৰ অহাৰ পিছত ২০১৫ চনৰ পৰা পুনৰ কাগজৰ ১ টকাৰ নোটতো ছপা আৰম্ভ কৰে। কাগজৰ এই ১ টকাৰ নোটতো ভাৰতীয় ৰিজাৰ্ভ বেংকৰ পৰিবৰ্তে কেন্দ্ৰ চৰকাৰে প্ৰচলন কৰে আৰু ইয়াত গভৰ্নৰৰ পৰিবৰ্তে বিত্ত মন্ত্ৰীৰহে হস্তাক্ষৰ থাকে। কাগজৰ ১ টকাৰ নোটতো ভাৰতীয় মুদ্ৰাৰ আটাইতকৈ সৰু নোট আৰু এই নোট কিমান সময়লৈ বজাৰত প্ৰচলনত থাকিব ইয়াৰ উত্তৰ আগন্তক সময়তে পোৱা যাব।