গুৱাহাটী, ১৮ জুনঃ  ৰাজ্যৰ পৰিবহণ বিভাগে গাড়ী চলোৱাৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ ব্যৱস্থাক অনলাইন ব্যৱস্থাৰে সংযোজন কৰাৰ বাবে আঁচনি গ্ৰহণ কৰিছে৷ এই আঁচনিৰ অধীনত গাড়ী চালনাৰ অনুজ্ঞাপত্ৰ বাবে যিসকলে আবেদন কৰিব বিচাৰে তেওঁলোকে অনলাইন প্ৰক্ৰিয়াৰে আবেদন কৰিব পাৰিব৷ পৰিবহণ বিভাগৰ সূত্ৰই সদৰি কৰা মতে গাড়ী চালনাৰ অনুজ্ঞাপত্ৰ তথা ড্ৰাইভিং লাইচেঞ্চ প্ৰদানৰ প্ৰক্ৰিয়াটো সৰ্ম্পূণ স্বচ্ছ আৰু নিকা কৰাৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে৷ ইয়াৰ বাবে আবেদনকাৰীসকলে ৱেবছাইট www.parivahan.gov.in/sarathiservices  ত লগ অন কৰিব লাগিব৷ সংশ্লিষ্ট জিলা পৰিবহণ বিভাগৰ কাৰ্য্যালয়ত আবেদন পত্ৰৰ ভেৰিফিকেছন সৰ্ম্পূণ হোৱাৰ পিছত ডিজিটেল ফটোকে ধৰি আন অনুষংগিকৰ বাবদ আবেদনকাৰীয়ে বিভাগক ১৫০ টকা আদায় দিয়াৰ পিছত শিকাৰু অনুজ্ঞা পত্ৰৰ বাছনি পৰীক্ষা লোৱা হ’ব৷ শিকাৰুৱে বাছনি পৰীক্ষাত উৰ্ত্তীণ হ’লে সেইদিনাই এমট্ৰনক ৩০ টকা আদায় দি আবেদনকাৰীয়ে শিকাৰু বা লাৰ্ণাৰ লাইচেন্স লাভ কৰিব পাৰিব৷ আবেদনকাৰী ফেইল হ’লে পৰবৰ্ত্তী বাছনি পৰীক্ষাৰ কাৰণে এমট্ৰনক ৫০ টকা আদায় দিব লাগিব৷ আনহাতে লাৰ্ণাৰ লাইচেন্স লাভ সকলে এমাহৰ পাছত পুনৰ গাড়ী চালনাৰ অনুজ্ঞাপত্ৰ লাভ কৰা পৰীক্ষাত অৱৰ্ত্তীণ হ’ব লাগিব৷ পৰীক্ষাৰ বাবে মুঠ ৫০০ টকা বিভাগক আদায় দিব লাগিব আৰু উৰ্ত্তীণ হ’লে এমট্ৰনক ৮৮ টকা আদায় দি তিনি দিনৰ ভিতৰত গাড়ী চালনাৰ অনুজ্ঞাপত্ৰ লাভ কৰিব পাৰিব৷ অনুৰ্ত্তীণ হ’লে লাৰ্ণাৰ লাইচেন্স লাভ আবেদনকাৰীয়ে পুনৰ পৰীক্ষাত অৱৰ্ত্তীণ হ’ব লাগিব৷ অনুজ্ঞাপত্ৰ নৱীকৰণৰ সময়ত আবেদনকাৰীয়ে চিকিৎসকৰ পৰা লাভ কৰা সক্ষমতাৰ প্ৰমাণ পত্ৰ দাখিল কৰিব লাগিব৷ পৰিবহণ বিভাগে এই অনলাইন ব্যৱস্থা প্ৰৱৰ্তনৰ ফলত মধ্যভোগী আৰু দালাল ৰাজ হ্ৰাস পোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে৷