গুৱাহাটী, ২৯ জুনঃ অসম পশুধন আৰু হাঁহ কুকুৰা নিগমৰ উদ্যোগত পাঞ্জাবাৰীস্থিত কাৰ্যালয়ত স্বাস্থ্যসন্মত মাংস বিক্ৰী, বৈজ্ঞানিক কছাইখানাৰ ব্যৱহাৰ আৰু জনসাধাৰণৰ স্বাস্থ্য সজাগতা সন্দৰ্ভত এখনি গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়৷ নিগমৰ অধ্যক্ষ মনোজ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত জনসাধাৰণৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি বজাৰসমূহত স্বাস্থ্যসন্মত মাংস বিক্ৰীৰ সৰ্ম্পকত গুৰুত্ব সহকাৰে আলোচনা কৰা হয়৷ মাংস বিক্ৰী বজাৰৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ ৰায়দান, কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা আৰু ২০১২ চনতে গুৱাহাটী পৌৰ নিগমৰ এলেকাৰ কাৰণে বলবৎ কৰা নিৰ্দেশনা কাৰ্যকৰীকৰণৰ বাবে ফলপ্ৰসূ পদক্ষেপ গ্ৰহণৰ কাৰণে ঐক্যমত প্ৰকাশ কৰে৷ লগতে এই সন্দৰ্ভত আধুনিক আৰু বিজ্ঞানসন্মত কছাইখানাৰ জৰিয়তে মাংস বজাৰত বিক্ৰীৰ কাৰণে ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত লয়৷ জনসাধাৰণৰ স্বাস্থ্যক লৈ হেঁতালি খেলা অথবা আইন ভঙ্গকাৰীসকলৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণৰ কাৰণেও সভাত ঐক্যমত পোষণ কৰে৷ সভাত জনসাধাৰণৰ মাজত স্বাস্থ্য সন্মত মাংস বিক্ৰীৰ সন্দৰ্ভত সজাগতা সৃষ্টিৰ কাৰণে এলানি কাৰ্যসূচী গ্ৰহণৰ সিদ্ধান্ত লোৱা হয়৷ স্বাস্থ্য সন্মত মাংস সন্দৰ্ভত জনসাধাৰণ অৱগত হ’ব পৰাকৈ পদক্ষেপ গ্ৰহণৰ লগতে গাহৰি, ছাগলীকে ধৰি বিভিন্ন পশুধন সংক্ৰমিত ৰোগ আৰু ইয়াৰ পৰা জনসাধাৰণৰ হ’ব পৰা ভয়াবহতাৰ বিষয়েও সভাত আলোচনা কৰা হয়৷ সভাই আটাইকেইটা বিভাগ তথা নিগমৰে সমন্ধিত প্ৰচেষ্টাই জনসাধাৰণৰ স্বাৰ্থত ভবিষ্যতেও পদক্ষেপ গ্ৰহণৰ সিদ্ধান্ত লয়৷ সভাত অসম চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ সঞ্চালক, খাদ্য সুৰক্ষা বিভাগৰ আয়ুক্ত, গুৱাহাটী পৌৰ নিগমৰ অতিৰিক্ত আয়ুক্ত, গুৱাহাটী আৰক্ষীৰ অতিৰিক্ত আয়ুক্তকে ধৰি বিভাগকেইটাৰ উচ্চ পদস্থ বিষয়া উপস্থিত থাকে৷