সোণাপুৰ, ১৯ মেঃ সততে বিতর্কত সাঙুৰ খাই থকা আয়ুর্বেদিক চিকিৎসাৰ স্বয়ম্ভূ আচার্য পংকজ পাঠকৰ বাসগৃহত দুবৃৰ্ত্তৰ আক্ৰমণ৷ পুৱতি নিশা প্ৰায় ৪ বজাত পংকজ পাঠকৰ সোণাপুৰস্থিত বাসগৃহত দুবৃৰ্ত্তই আক্ৰমণ কৰে৷ দুবৃৰ্ত্তৰ দলে স্বয়ম্ভূ আচার্য পংকজ পাঠকক অশ্লীন ভাষাৰে গালি-গালাজৰ লগতে বিভিন্ন ধৰণৰ ভাবুকি দিয়ে৷ দুবৃৰ্ত্তৰ দলটোৱে পাঠকৰ বাসগৃহত তাণ্ডৱ চলাই তেখেতৰ ইন’ভা গাড়ীখনত আক্ৰণণ কৰি গাড়ীখনৰ ক্ষতি সাধন কৰে৷ পাঠকে ঘটনাৰ সন্দৰ্ভত সোণাপুৰ থানাত ১২৭/১৭ নম্বৰত এক গোচৰ ৰুজু কৰে৷ তেওঁ এই আক্ৰমণৰ আঁৰত পূৰ্বৰ ঘনিষ্ঠ তথা সহায়ক মৈৰো সিঙ জড়িত থকাৰ সন্দেহ ব্যক্ত কৰে৷ উল্লেখ্য যে, আয়ুর্বেদিক চিকিৎসা প্রদানেৰে বিভিন্ন ৰোগৰ উপশমৰ দাবী কৰা পংকজ পাঠকৰ নাম সঘনাই বিতর্কৰ লগত সোমাই পৰিছিল৷ শেহতীয়াকৈ পৰস্ত্রীৰে অবৈধ সম্পর্ক থকাৰ লগতে মূল্যৱান অলংকাৰ চুৰ কৰি নিয়াৰ অভিযোগত অভিযুক্তও হৈ পৰিছিল পংকজ পাঠকৰ নাম৷ প্রাক্তন সাংসদ দীপ গগৈৰ পত্নী মিতালী গগৈ আৰু পংকজ পাঠকৰ অবৈধ সম্পর্কৰ বাতৰি সৰ্বত্ৰ বিয়পি পৰাত ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল৷ আচাৰ্য্য পংকজ পাঠকৰ প্রাক্তন সহায়কাৰী মৈৰো সিঙে পাঠকৰ অত্যাচাৰত অতিষ্ঠ হৈ মহিলাগৰাকীৰ সৈতে থকা ফ’ন টেপৰ অংশ ৰাজহুৱা কৰিছিল৷ আনহাতে পংকজ পাঠকৰ আয়ুর্বেদ চিকিৎসাৰ জ্ঞান তথা শিক্ষাগত অৰ্হতা সন্দৰ্ভত সততে প্ৰশ্ন উত্থাপন হৈ আহিছিল৷ এই সন্দৰ্ভত বিভিন্ন সময়ত বিভিন্ন পক্ষৰ লগত মতানৈক্যৰো সৃষ্টি হৈছিল৷ আয়ুর্বেদিক চিকিৎসাৰ স্বয়ম্ভূ আচার্য পংকজ পাঠকৰ ঘৰত সংঘটিত দুবৃৰ্ত্তৰ এই আক্ৰমণৰ আঁৰত ইয়াৰে কোনো পক্ষ জড়িত থকাৰ সন্দেহ ব্যক্ত কৰা হৈছে৷ ইতিমধ্যে সোণাপুৰ আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে৷