পৰাগ কুমাৰ দাস অসমৰ সংবাদপত্ৰ অসমীয়া প্ৰতিদিন কাকতৰ প্ৰাক্তন সম্পাদক, সাংবাদিক, মানৱ অধিকাৰ কৰ্মী আৰু অসমত মানৱ অধিকাৰ সংগ্ৰামৰ এজন আগৰণুৱা ব্যক্তি৷ তেওঁ মানৱ অধিকাৰ সংগ্ৰাম সমিতি চমুকৈ মাছৰ প্ৰতিষ্ঠাপক আছিল৷ পৰাগ কুমাৰ দাসৰ জন্ম হৈছিল ১৯৬১ চনৰ ২৪ ফেব্ৰুৱাৰীত ছিলঙত৷ গুৱাহাটীৰ চেনিকুঠি বালক বিদ্যালয়, এম চি এম ই স্কুল আৰু কটন কলেজিয়েট স্কুলৰ পৰা  ক্ৰমে প্ৰাথমিক, মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক শিক্ষা সমাপ্ত কৰে৷ ১৯৭৭ চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত দাসে অসমৰ ভিতৰত চতুৰ্থ স্থান লাভ কৰে৷ তেওঁ কটন কলেজৰ পৰা বিজ্ঞান শাখাত প্ৰাক্-বিশ্ববিদ্যালয় পৰীক্ষাত অসমৰ ভিতৰত চতুৰ্থ স্থান অৰ্জন কৰে৷ দিল্লীৰ ছেইণ্ট ষ্টিফেন্স কলেজৰপৰা অৰ্থনীতি বিভাগত সন্মান সহ প্ৰথম শ্ৰেণীৰ স্নাতক ডিগ্ৰী উপাধি লয় আৰু দিল্লীৰ স্কুল অৱ ইকন্‌মিকছৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে৷

ইয়াৰ পিছত ১৯৮৪ চনত পঞ্জাৱ নেছনেল বেংকত বিষয়া হিচাপে নিযুক্ত হয়। তাৰ পিছত ইউনিট ট্ৰাষ্ট আৰু গুৱাহাটী ষ্ট’ক এক্সছেঞ্জত মহাপ্ৰৱন্ধক হিচাপে যোগদান কৰে। ১৯৯৫ চনত চাকৰিৰ পৰা পদত্যাগ কৰি তেওঁ অসমীয়া প্ৰতিদিন কাকতৰ কাৰ্যবাহী সম্পাদক পদত যোগদান কৰে৷

আশীৰ দশকত অসমীয়া আলোচনী প্ৰান্তিক আৰু দি ছেণ্টিনেল ইংৰাজী কাকতৰ নিয়মীয়া স্তম্ভ লেখক হিচাপে পৰাগ কুমাৰ দাসে সাংবাদিক জীৱন আৰম্ভ কৰিছিল। ১৯৮৯ চনৰ মাৰ্চ মাহৰ প্ৰস্তাৱনা সংখ্যাৰ পৰা সাপ্তাহিক বুধবাৰ কাকতৰ সম্পাদক হিচাপে কাৰ্য নিৰ্বাহ কৰে। ১৯৯৪ চনৰ পৰা আগান আলোচনীৰ প্ৰকাশক আৰু সম্পাদকৰ দ্বায়িত্ব গ্ৰহণ কৰে। ইয়াৰ পাছতে দাসে অসমীয়া প্ৰতিদিন কাকতৰ কাৰ্যবাহী সম্পাদক ৰূপে দায়িত্ব গ্ৰহণ কৰে। মৃত্যুৰ সময়লৈ তেখেত প্ৰতিদিনৰ সম্পাদক হিচাপে কৰ্মৰত আছিল।

১৯৯২ আৰু ১৯৯৩ চনত পৰাগ কুমাৰ দাসক ক্ৰমে ৰাষ্ট্ৰীয় নিৰাপত্তা আইন আৰু টাডা আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হয়। তেখেতৰ ৰচিত স্বাধীনতাৰ প্ৰস্তাৱ নামৰ কিতাপখন চৰকাৰে নিষিদ্ব ঘোষণা কৰি বাজেয়াপ্ত কৰে।

১৯৯১ চনৰপৰা পৰাগ কুমাৰ দাসে মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ আহ্বায়ক আৰু পিছলৈ সচিব প্ৰধান হিচাপে কাৰ্য্যনিৰ্বাহ কৰিছিল। তেওঁ উত্তৰ-পূব মানৱ অধিকাৰ সমন্বয় ৰক্ষী সমিতিৰ সচিব প্ৰধানো আছিল। দাস ১৯৯২ আৰু ১৯৯৪ চনত গঠিত বাক্‌ স্বাধীনতা সংগ্ৰাম সমিতি আৰু গণতান্ত্ৰিক অধিকাৰ সংগ্ৰাম সমিতিৰ সক্ৰিয় নেতা আছিল।

১৯৯৬ চনৰ ১৭ মে’ তাৰিখে নিজৰ পুত্ৰক গুৱাহাটী চান্দমাৰিৰ অসম জাতীয় বিদ্যালয়ৰ পৰা আনি থকা সময়ত পৰাগ কুমাৰ দাসক গুলীয়াই হত্যা কৰা হয়৷ পৰাগ কুমাৰ দাসৰ হত্যাত চাৰিজন ছালফা সদস্যক অভিযুক্ত কৰা হৈছিল৷ তেওঁলোক মৃদুল ফুকন ওৰফে সমৰ তাঁতী, দিগন্ত বৰুৱা, তপন দত্ত ওৰফে বিশ্বজিত শইকীয়া আৰু নয়ন দাস ওৰফে গুলী৷ তেওঁৰ মুকলি হত্যাই সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলতে প্ৰতিবাদৰ ঢৌ সৃষ্টি কৰিছিল৷

২০০১ চনত চিবিআইয়ে আলফাৰ আত্মসমৰ্পণ কৰা সদস্য তথা চাৰিওজন অভিযুক্তৰ বিৰুদ্ধে কামৰূপ জিলা আৰু চেচন আদালতত চাৰ্জশ্বিট দাখিল কৰে। চিবিআইয়ে চাৰ্জশ্বিট দাখিল কৰাৰ আগতেই দিগন্ত বৰুৱা আৰু তপন দত্তক হত্যা কৰা হৈছিল আৰু ২০০৩ চনত ডিব্ৰুগড়ত উন্মত্ত জনতাই নয়ন দাসক হত্যা কৰে। সন্দেহৰ আৱৰ্তত থকা আন দুজন ব্যক্তিৰ বিৰুদ্ধে উপযুক্ত প্ৰমাণৰ অভাৱত চাৰ্জশ্বিট দাখিল কৰা হোৱা নাছিল৷ একমাত্ৰ জীৱিত অভিযুক্ত আছিল মৃদুল ফুকন৷ কিন্তু তেৰ বছৰৰ পিছত ২০০৯ চনৰ ২৮ তাৰিখে জিলা আৰু চেচন ন্যায়ালয়ৰ ন্যায়াধীশে উপযুক্ত প্ৰমাণৰ অভাৱত অভিযুক্তক দোষমুক্ত বুলি ৰায় দিয়ে৷