আজিজুৰ ৰহমান বাঘবৰ, ২৯ জুনঃ বেঁকী নৈৰ বাঢ়নী পানীত কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত কামাৰপাৰা, জমেৰকুৰ, গুইলেজা, ভেৰাগাঁও, বৰডাংগাকে ধৰি প্ৰায় বিশ খনকৈ অধিক গাঁও জলমগ্ন হৈ পৰাত সহস্ৰাধিক পৰিয়াল বানপানীত আক্ৰান্ত হৈছে। বানপানীৰ ফলত উত্তৰ বৰডাংগা এল পি স্কুল, ৬৬৭ নং খাটাকুচি এল পি স্কুল আৰু কামাৰপাৰা হাইমাদ্ৰাছা সহ তিনিখন বিদ্যালয় জলমগ্ন হৈ পৰাত পাঠদান বন্ধ হৈ পৰিছে। লগতে কামাৰপাৰা হাইমাদ্ৰাছাৰ শ্ৰেণী কোঠাত আঠুৰ ওপৰত পানী সোমোৱাত ছাত্ৰ-ছাত্ৰীয়ে তিতা কাপোৰে ৰাস্তাৰ ওপৰত পৰীক্ষাত বহিব লগা হৈছে।  উল্লেখ্য যে, যোৱা ১৯ জুনৰ পৰা আৰম্ভ হৈছে ছমহীয়া পৰীক্ষা৷ কিন্তু চৰকাৰৰ অৱহেলাৰ কাৰণে কামাৰপাৰা হাই মাদ্ৰাছা বিদ্যালয়ৰ কৰ্তৃপক্ষই বানপানীৰ মাজতে ৰাস্তাৰ ওপৰত পৰীক্ষা অনুষ্ঠিত কৰিবলৈ বাধ্য হৈছে। বিগত বৰ্ষত বানপানীয়ে কামাৰপাৰা হাই মাদ্ৰাছাখন উটুৱাই নিছিল৷ কিন্তু চৰকাৰে বৰ্তমানলৈ বিদ্যালয়খন নিৰ্মাণ  নকৰাৰ ফলত বিদ্যালয় কৰ্তৃপক্ষই অস্থায়ী ভাৱে খাটাকুছি প্ৰাথমিক বিদ্যালয়ৰ চৌহদত টিনপাতৰ চালিৰ তলত কোনোমতে পাঠদান চলাই আছিল৷ চলিত বৰ্ষৰ বানপানীত পুনৰ শিক্ষাৰ্থী সকলে শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত চৰম যাতনা ভূগিব লগা হৈছে। বৰপেটাৰ উপায়ুক্ত থানেশ্বৰ মালাকাৰে বান-খহনীয়া অঞ্চল পৰিভ্ৰমণ কৰি পৰিস্থিতিৰ বুজ লৈছিল। কিন্তু বিদ্যালয়খনৰ কোনো ধৰণৰ সু- ব্যৱস্থা নকৰাত বানপানীত ককবকাই পৰীক্ষা দিব লগা হৈছে ছাত্ৰ-ছাত্ৰীয়ে। আনহাতে জনীয়া সমষ্টিৰ খাৰবাল্লীত কলগাছিয়াৰ পৰা খাৰবাল্লী-ডাউকমাৰী পাৰঘাটলৈ যোৱা নৱনিৰ্মিত ৰাস্তাটোৰ দুই ঠাইত বানপানীয়ে উটুৱাই নিয়াত মূহুৰ্তৰ ভিতৰত জলমগ্ন হৈ পৰিছে গাঁওখনৰ শতাধিক পৰিয়াল। সেইদৰে সুতিৰ পাথাৰ, কাচুকাটি, ডাউকমাৰী, গুইলেজা, বৰডাংগা, কামাৰপাৰা, মিনিচিমলা, জমেৰকুৰ, চৰচৰীয়া,মোৱামাৰী, খাৰবাল্লী আদি কৰি প্ৰায় ২০ খন গাঁৱত বেকী নদীৰ বাঢ়নি পানী সোমোৱাত সহস্ৰাধিক পৰিয়াল জলমগ্ন হৈছে৷ সম্প্ৰতি স্থানীয় ৰাইজৰ লগতে কামাৰপাৰা হাইমাদ্ৰাছাৰ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীয়ে মুখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰীক শীঘ্ৰে বিদ্যালয় গৃহটো নিৰ্মাণৰ লগতে অঞ্চলটোৰ বানপীড়িতক সাহাৰ্য্য দিয়াৰ আহ্বান জনাইছে।