কেৰেলা, ১৭ অক্টোবৰঃ সন্তান উচ্চ শিক্ষিত হ’ব, পৰীক্ষাত ভাল ফলাফল লাভ কৰি চিকিৎসক, অভিযন্ত্ৰা তথা উচ্চ প্ৰতিষ্ঠানত চাকৰি কৰিব, এইটোৱে যেন বৰ্তমান প্ৰতিজন পিতৃ মাতৃয়ে নিজৰ সন্তানৰ পৰা আশা কৰে। কিন্তু শিক্ষাৰ প্ৰধান উদ্দেশ্য যে এজন ভাল মানুহ হোৱা আৰু ছাত্ৰ জীৱনত আহৰণ কৰা শিক্ষা উপযুক্ত ক্ষেত্ৰত প্ৰয়োগ কৰা, এই মানসিকতা এক প্ৰকাৰৰ বিলুপ্তিৰ পথত। সেয়ে পৃথিৱীৰ প্ৰায় সকলো পিতৃ মাতৃয়ে সন্তানক শিক্ষিত কৰি তুলিবলৈ একো একোখন শিক্ষা প্ৰতিষ্ঠানৰ ওপৰত নিৰ্ভৰশীল। কিন্তু প্ৰতিষ্ঠিত শিক্ষা অনুষ্ঠানৰ শিক্ষা এজন মানুহে জীৱনত কিমানখিনি প্ৰয়োগ কৰিব পাৰে ইয়াকে লৈ সন্দেহ জন্মিছিল এহাল চৰকাৰী বিদ্যালয়ৰ শিক্ষক শিক্ষয়ত্ৰী দম্পতিৰ মনত। সেয়ে দম্পতি হালে ঠিৰাং কৰিছিল তেওঁলোকৰ সন্তানক কোনো প্ৰতিষ্ঠানৰ শিক্ষাৰ জালত বন্দী নকৰোৱাৰ। তেওঁলোকে সপোন দেখিছিল এনেকুৱা এখন বিদ্যালয়ৰ য’ত তেওঁলোকৰ সন্তানৰ বিদ্যালয় হ’ব প্ৰকৃতি। তেওঁলোকে এই সপোনৰ বিদ্যালয়খনৰ নাম দিছিল সাৰাং, য’ত নাই কোনো ধৰণৰ বাধা, নীতি নিয়ম তথা প্ৰথাগত শিক্ষিত হোৱাৰ প্ৰমাণপত্ৰ, নাই সকলোৰে বাবে একে ধৰণৰ পাঠ্যক্ৰম।
এই সপোনক বাস্তৱায়িত কৰাৰ উদ্দেশ্যে গোপালকৃষ্ণ আৰু বিজয়ালক্ষ্মী নামৰ দম্পতি হালে ১৯৯৪ চনত চৰকাৰী বিদ্যালয়ৰ শিক্ষকতাৰ চাকৰি ত্যাগ কৰি নিজৰ প্ৰথম সন্তান গৌতমৰ বাবে গঢ়ি তোলে সাৰাং। লাহে লাহে তেওঁলোকৰ ঘনিষ্ঠ কেইটামান পৰিয়ালৰ শিশু, প্ৰতিবেশী আৰু দৰিদ্ৰ পৰিয়ালৰ শিশুও হৈ পৰে সাৰাঙৰ শিক্ষাৰ্থী।
প্ৰকৃতিৰ পৰা শিক্ষা লোৱা এই বিদ্যলয়ত কোনো কাৰো সহপাঠী নহয়, সকলো শিক্ষাৰ্থী এজন আনজনৰ ভাতৃ ভগ্নীৰ দৰে। এই শিক্ষাৰ্থীসকলৰ জীৱন বিদ্যালয়ৰ চাৰিবেৰ, নিৰ্ধাৰিত পোছাক আৰু পাঠ্যপুথিৰ মাজত আৱদ্ধ নহয়। পিঠিত কিতাপৰ বোজা বা চকুৰ আগত ক’লা বৰ্ডৰ পৰিৱৰ্তে শিশুসকলে দৃষ্টি আছিল অসীমৰ ফালে।
গোপালকৃষ্ণ আৰু বিজয়ালক্ষ্মীয়ে শিক্ষাৰ্থীসকলক এই বিশাল কেনভাচ দিছে কেৰেলাৰ পাল্লাক্কাদ অঞ্চলত। প্ৰথমে এক একৰ অনুৰ্বৰ মাটি আৰু পিছত ১২ একৰ মাটি কিনি তেওঁলোকে আৰম্ভ কৰে সাৰাঙৰ। এই অনুৰ্বৰ ভূমিত শিশুসকলে নিজৰ হাতেৰে নিৰ্মাণ কৰে নিজৰ ঘৰ। অনুৰ্বৰ ভূমিক উৰ্বৰ কৰাৰ শিক্ষা শিশুসকলে লাভ কৰে পদাৰ্থবিজ্ঞান, ৰসায়ন, গণিত, ভূগোল, জৰিপ, ভূমিকম্প ৰোধ, জল সংৰক্ষণৰ পৰীক্ষাৰ দ্বাৰা। আটাইতকৈ কঠিন পৰীক্ষা হয় বনত লগা জুই ৰোধ কৰা। এনে ধৰণৰ শিক্ষাৰ মাজেৰে শিশুসকলে ১৫ বছৰত সাৰাঙত গঢ়ি তোলে এক সেউজীয়া বননি। এই সেউজীয়া বননিৰ আৱাসী হৈছে হৰিণা, শহাপহু আৰু বিভিন্ন ধৰণৰ বিৰল প্ৰজাতিৰ জীৱ জন্তু।
বৰ্তমান বিশ্বৰ বিভিন্ন অঞ্চলৰ পৰা অসংখ্য শিশু সাৰাঙলৈ আহি প্ৰাকৃতিক পৰিবেশৰ মাজত থাকি জীৱনৰ শিক্ষা লয়। গোপালকৃষ্ণ আৰু বিজয়ালক্ষ্মীৰ সন্তান আৰু সাৰাঙৰ প্ৰথম ছাত্ৰ গৌতম বৰ্তমান ৩৬ বছৰীয়া। গৌতম নিজৰ স্ত্ৰী আৰু তিনি সন্তানৰ সৈতে পিতৃ মাতৃৰ এই বিদ্যালয়খন পৰিচালনা কৰে।