অনলাইন ডেস্ক সংবাদ ৩৬৫, ২ জুনঃ ভাৰতবৰ্ষত নিৰ্মিত তথা পৰমাণু অস্ত্ৰ কঢ়িয়াবলৈ সক্ষম পৃথিৱী-২ৰ উৰিষ্যাৰ পৰীক্ষণ কেন্দ্ৰত সফল উক্ষেপন কৰা হয়৷ পুৱা ৯.৫০ বজাত উৰিষ্যাৰ সমীপৰ চান্দীপুৰ পৰীক্ষণ কেন্দ্ৰৰ পৰিসৰ তিনিৰ পৰা মোবাইল লাঞ্চাৰ যোগে পৃথিৱী-২ মিছাইলটোৰ উক্ষেপণ কৰা হয়৷ ইয়াৰ পূৰ্বে ২০১৬ৰ ২১ নবেম্বৰত এই পৰীক্ষণ কেন্দ্ৰৰ পৰা পৃথিৱী-২ৰ আন দুটা মিছাইলৰ পৰীক্ষণ কৰা হৈছিল৷ অধিকাৰী সূত্ৰে পৰা জানিব পৰা মতে, অত্যাধুনিক পৃথিৱী-২ৰ সফল উক্ষেপন ভাৰতৰ কাৰণে এক বৃহৎ সফলতা৷ এই অত্যাধুনিক মিছাইলটোৰ পৰীক্ষণৰ ডীআডীঅ’ৰ বিজ্ঞানীৰ দলৰ নেতৃত্বত বিশেষ ভাবে গঠিত সামৰিক বাহিনীয়ে কৰিছিল৷ তদুপৰি মিছাইলটোৰ পৰীক্ষণৰ পথৰ ওপৰত উৰিষ্যাৰ নিকটবৰ্ত্তী টেলীমেট্ৰী ষ্টেচন, ডীআডীঅ’ৰ ৰাডাৰ আৰু ইলেক্ট অপ্টিকেল ট্ৰেকিঙে বিশেষ দৃষ্টি ৰাখিছিল৷ ৩৫০ কিল’মিটাৰ মাৰক ক্ষমতাযুক্ত পৃথিৱী-২ য়ে ৫০০ ৰ পৰা ১,০০০ কিল’গ্ৰাম ওজন কঢ়িয়াবলৈ সক্ষম৷ ৯ মিটাৰ দীঘল পৃথিৱী-২ক ২০০৩ চনত ভাৰতীয় সামৰিক বাহিনীত অন্তৰ্ভূক্ত কৰা হৈছিল৷ পৃথিৱী-২ ভাৰতৰ একমাত্ৰ মিছাইল, যাক ডীআৰডীঅ’ৰ নিদেৰ্শনাত মিছাইল বিকাশ কাৰ্যক্ৰমৰ অধীনত বিকাশ কৰা হৈছে৷