ওদালগুৰি, ১৫ মেঃ দুই ভৰিৰ যাদুৰে সমগ্ৰ ভাৰতৰ লগতে বিশ্ববাসীৰ হৃদয় জয় কৰাৰ সপোনক বাস্তৱ ৰূপ দিয়াৰ উদ্দেশ্যে পুনৰ জাৰ্মানীলৈ উৰা মাৰিলে কনমানি চন্দনে৷ ওদালগুৰিৰ হৰিশিঙাৰ ৰে’লৱে ষ্টেচনৰ সমীপৰ এটা উৰুখা পঁজাত জন্মগ্রহণ কৰি কেৱল নিজৰ প্ৰতিভাৰ বলত ১০ বছৰীয়া চন্দন বড়োৱে ছবছৰীয়া ফুটবল প্রশিক্ষণৰ বাবে জার্মানীলৈ যোৱাৰ সুযোগ লাভ কৰিছিল৷ এমাহৰ ছুটীত ঘৰলৈ অহা চন্দনৰ ছুটী শেষ হোৱা পুনৰ জার্মানীলৈ উৰা মাৰে কণমানি ফুটবলাৰগৰাকী। এমাহৰ ছুটীত চন্দনে জাৰ্মানীত আয়ত্ব কৰা ফুটবলৰ বিভিন্ন কৌশল সতীর্থসকলক শিকোৱাৰ লগতে তেওঁলোকৰ মনােবল বৃদ্ধি কৰে৷ ভৱিষ্যতে এজন ভাল খেলুৱৈ হিচাপে অসম তথা ভাৰতবৰ্ষলৈ সুনাম কঢ়িয়াই আনিব পাৰে তাৰেই কামনাৰে বিদায় সম্ভাষণ জনালে তেওঁৰ কণমানি সতীৰ্থসকলে। উল্লেখ্য যে, বিগত ১৩ জানুৱাৰীত ৰাজ্যপাল বানৱাৰিলাল পুৰােহিত, মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ লগতে আত্মীয়-স্বজন আৰু বন্ধু-বান্ধবীৰ আশীৰ্বাদ লৈ চন্দনে উৰা মাৰিছিল সুদূৰ জার্মানীলৈ। জার্মানীত প্ৰশিক্ষণ আৰম্ভ কৰি জার্মানীৰ টি এছ জি হােফেনহেইম চেমেনীয়া দলৰ অধিনায়কৰ দায়িত্বও লাভ কৰিছিল। জার্মানীত নিজৰ প্ৰতিভাৰ পৰিচয় দি এটা ফুটবল দলৰ অধিনায়কৰ নেতৃত্বৰ দায়িত্ব গ্রহণ কৰা চন্দন বিহুৰ বতৰত এমাহৰ ছুটীত উপস্থিত হৈছিল স্ব-গৃহত৷ উৰুখা পঁজাৰ পৰা জার্মানীলৈ যাত্রা কৰি পুনৰ স্ব-গৃহত উপস্থিত হােৱাৰ সময়তো সেই একেটা উৰুখা পজাত তেওঁৰ পিতৃ-মাতৃয়ে বাস কৰা দেখি স্বাভাৱিকতে ব্যথিত হৈ পৰিছিল কণমানি চন্দন। কিন্তু চন্দনৰ ব্যথা উপলব্ধি কৰিয়েই হওক বা সংবাদ মাধ্যমত প্রকাশিত ধাৰাবাহিক বাতৰিৰ প্ৰভাৱতে হওক কণমানি চন্দনৰ পৰিয়ালে লাভ কৰিলে স্থায়ী ঠিকনা। হৰিশিঙাৰ টােমাৰী নেপালীবস্তিত এবছুৱে দিয়া মাটিত বিটিচিৰ অধ্যক্ষ ত্ৰিদীপ দৈমাৰীৰ উদ্যোগত তথা ওদালগুৰি জিলা প্রশাসনৰ সহযোগত এটা ঘৰ লাভ কৰিলে চন্দনৰ পৰিয়ালে। কিছুদিন পূর্বে ৰে’লৱে ষ্টেচনৰ সমীপৰ উৰুখা পঁজাৰ পৰা তিনি কোঠালীৰ নিজ ঘৰত প্ৰৱেশ কৰিলে চন্দনসহ তেওঁৰ পিতৃ-মাতৃয়ে আৰু সেই নতুন ঘৰখনৰ পৰাই পিতৃ-মাতৃ আৰু আত্মীয়-স্বজনৰ আশীর্বাদ লৈ পুনৰ যাত্রা কৰে জার্মানীলৈ। চন্দন এমাহৰ বাবে হৰিশিঙাত উপস্থিত হােৱাৰ সময়ত হৰিশিঙা ফুটবল একাডেমীকে আদি কৰি বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠানলৈ গৈ ছাত্ৰ-ছাত্রী তথা খেলুৱৈসকলক লগ কৰি তেওঁলোকৰ উৎসাহ বর্ধন কৰিছিল। চন্দন স্ব-গৃহত উপস্থিত হােৱাৰ সুযোগতেই বিটিচিৰ ক্ৰীড়া বিভাগৰ উদ্যোগত তেওঁক ওদালগুৰিত অনুষ্ঠিত চতুর্থ বড়োলেণ্ড ক্রীড়া সমাৰােহত বিশেষ সম্বর্ধনাও জ্ঞাপন কৰা হৈছিল। প্রায় এমাহ হৰিশিঙাত কটােৱাৰ পাছত শনিবাৰে তেওঁৰ কণমানি সতীর্থসকলে হৰিশিঙা ষ্টেডিয়ামত সমৱেত হৈ চন্দনক বিদায়ী সম্ভাষণ জনাই চন্দন অসম তথা সমগ্ৰ ভাৰতবৰ্ষৰ গৌৰৱ হ’ব বুলি আশা প্রকাশ কৰে।