ডিজিটেল ডেস্ক, ২০ নৱেম্বৰ: কৰ্কটৰ নিচিনা মাৰাত্মক ৰোগ বৰ্তমান এক মহামাৰীৰ ৰূপ ধাৰণ কৰিছে আৰু এই ৰোগৰ পৰা মানৱজাতিক ৰক্ষা কৰাৰ বাবে দিনে নিশাই বিশিষ্ট চিকিৎসক আৰু বৈজ্ঞানিকসকল চেষ্টা কৰিও কোনো সুফল উলিয়াব পৰা নাই। এই ৰোগ নিৰ্মূল কৰাৰ পৰীক্ষা-নিৰীক্ষাত বৈজ্ঞানিকসকল নিজৰ সম্পূৰ্ণখিনি অৰ্পণ কৰিও ইয়াৰ নিৰ্দিষ্ট ঔষধ তৈয়াৰ কৰাত সফল হ’ব পৰা নাই। বেদনাদায়ক কেমথেৰাপি আৰু ৰেদিয়েচন পদ্ধতিৰে কৰ্কট ৰোগৰ চিকিৎসা কৰা হয় যদিও এইবাৰ মাৰাত্মক কৰ্কট ৰোগ নিৰ্মূল কৰা সম্ভৱ হৈ পৰিব মাত্ৰ এটি টিকাৰে। কৰ্কট ৰোগক অতি সহজে নিৰ্মূল কৰাত সফলতা লাভ কৰিলে কিউবা বিজ্ঞানীয়ে। কিউবাৰ এটি বিজ্ঞানীকৰ দলে আৱিষ্কাৰ কৰিলে কৰ্কট ৰোগ নিৰ্মূলৰ টিকা। ইতিমধ্যে কিউবাৰ বিজ্ঞানীৰ দ্বাৰা আবিষ্কাৰ কৰা এই টিকা চাৰি হাজাৰ কৰ্কট ৰোগত আক্ৰান্ত ব্যক্তিৰ ওপৰত প্ৰয়োগ কৰা হৈছে আৰু এই ব্যক্তিসকল কৰ্কট মুক্ত হৈছে বুলি বিজ্ঞানীসকলে দাবী কৰিছে। মূলত স্তন কৰ্কট, ইউটেৰাছ কৰ্কট, প্ৰষ্টেট কৰ্কট এই টিকাৰ প্ৰয়োগত অতি দ্ৰুত গতিত নিৰ্মূল হয়। কেন্সাৰৰ প্ৰথম পৰ্যায়ত এই টিকা বিশেষ ভূমিকা পালন কৰে। কিউবাত আৱিষ্কৃত হোৱা এই টিকা সেই দেশৰ বাসিন্দাসকলক বিনামূলীয়া কৈ প্ৰদান কৰা হৈছে। এই টিকাৰ বাবে তলত দিয়া ৱেবছাইট আৰু ফোন নম্বাৰত যোগাযোগ কৰিব পাৰিব:
www.inor.sld.cu
+৫৩ ৭৩৩-৭৪৭৩/৭৪
ফেক্স : +৫৩ ৭৩৩:৭১৯৮ y +,৫৩ ৭৩৩-৭১৯৯