সোণাপুৰ, ৮ ছেপ্টেম্বৰঃ আমৰি-কাৰ্বি জনগোষ্ঠীক কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে কৰি অহা বঞ্চনাৰ প্ৰতিবাদত আমৰি কাৰ্বি স্বায়ত্ব শাসিত পৰিষদ দাবী সমিতিয়ে কামৰূপ জিলা মহানগৰৰ তেলেতীয়াত ১২ ছেপ্টেম্বৰত পুৱা ৪ বজাৰ পৰা ১২ ঘন্টীয়া ৰেল অৱৰোধ কাৰ্য্যসূচী ৰূপায়নৰ সিদ্ধান্ত লৈছে৷ উল্লেখ্য যে, আমৰি-কাৰ্বি জনগোষ্ঠীটোক পাৰ্বত্য জনজাতি হিচাপে স্বীকৃতি দিয়া, ঐতিহাসিক পটভূমিত ষষ্ঠ অনুসূচীৰ আধাৰত স্বায়ত্ব শাসন প্ৰদান, অসমৰ জনজাতীয় আৱেষ্টনীসমূহ সম্পূৰ্ণ সুৰক্ষা প্ৰদান, আৰু আমৰি-কাৰবি উন্নয়ন পৰিষদত সংঘটিত হোৱা বৃহৎ বিত্তীয় কেলেংকাৰীৰ অতি শীঘ্ৰে নিৰপেক্ষ তদন্ত কৰাৰ দাবীত বিভিন্ন সময়ত চৰকাৰক গণতান্ত্ৰিক আন্দোলনৰ জৰিয়তে চৰকাৰক দাবী জনাই আহিছিল৷ তৎসত্বেও চৰকাৰে জনগোষ্ঠীটোৰ সমস্যা সমাধানৰ কাৰণে বিভিন্ন সময়ত প্ৰতিশ্ৰুতি দি আহিছে যদিও কোনো কাৰ্যকৰী পদক্ষেপ গ্ৰহণ নকৰাত চৰকাৰখনৰ বিৰুদ্ধে সোঁচ্চৰ হৈ পৰিছে সংগঠনটো৷ চৰকাৰৰ নিৰ্লিপ্ততা তথা বঞ্চনাৰ প্ৰতিবাদত আমৰি কাৰ্বি স্বায়ত্ব শাসিত পৰিষদ দাবী সমিতিয়ে তেলেতীয়াত ১২ ছেপ্টেম্বৰত ১২ ঘন্টীয়া ৰেল অৱৰোধ কাৰ্য্যসূচী ৰূপায়নৰ হুংকাৰ দিয়ে৷