ৰাজ্যৰ বানাগ্ৰস্তক সহায় আগবঢ়োৱাৰ বাবে প্রধানমন্ত্রীৰ ড’নাৰ মন্ত্ৰালয়ক দায়িত্ব

গুৱাহাটী, ১৩ জুলাইঃ ৰাজ্যখনৰ সম্প্রতিক জটিল বান পৰিস্থিতি সন্দৰ্ভত কেন্দ্রীয় চৰকাৰে উদ্বিগ্নতা প্ৰকাশ কৰিছে। প্রধান মন্ত্রী নৰেন্দ্ৰ মোডীয়ে ৰাজ্যখনৰ বান সমস্যাৰ ওপৰত যথেষ্ট গুৰুত্ব প্রদান কৰিছে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীয়ে ড’নাৰ মন্ত্রণালয়ক ৰাজ্যত বানপানীৰ ক্ষয়-ক্ষতি তথা পৰিস্থিতি মোকাবিলা কৰাৰ বাবে ৰাজ্য চৰকাৰলৈ সকলো ধৰণৰ সহায়-সহযোগিতা আগবঢ়োৱাৰ বাবে নির্দেশ দিছে। ড’নাৰ মন্ত্রী ড° জীতেন্দ্ৰ সিঙে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালক টেলিফোন যোগে এই কথা জনাইছে। টেলিফোনিক বার্তালাপাত ডানাৰ মন্ত্রীয়ে প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীয়ে অসমৰ সাম্প্রতিক বান পৰিস্থিতি সম্পৰ্কত যথেষ্ট উদ্বিগ্নতা প্রকাশ কৰাৰ লগতে ৰাজ্যখনক এই দুর্যোগৰ সময়ত সম্ভাব্য সকলো ধৰণৰ সহায় আগবঢ়োৱাৰ বাবে ড’নাৰ মন্ত্রীক দায়িত্ব অর্পণ কৰিছে বুলিও কয়। বার্তালাপাৰ সময়ত ড’নাৰ মন্ত্রী গৰাকীয়ে কেন্দ্রীয় চৰকাৰে এই ক্ষেত্ৰত সকলো ধৰণৰ সহায়-সহযোগ আগবঢ়াব বুলিও মুখ্যমন্ত্রীক আশ্বাস দিয়ে। মুখ্যমন্ত্রীয়ে নতুন দিল্লীস্থিত অসম ভৱনৰ আৱাসিক আয়ুক্ত গৰাকীক ৰাজ্যখনৰ সাম্প্রতিক বান সম্বন্ধীয় ক্ষয় ক্ষতি তথা সাহাৰ্য্য সম্পৰ্কত ড’নাৰ মন্ত্রণালয়ৰ লগত সমন্বয়কৰ ভূমিকা লোৱাৰ বাবে দায়িত্ব অর্পণ কৰিছে। আৱাসিক আয়ুক্তই কেন্দ্রীয় চৰকাৰৰ ড’নাৰ মন্ত্রণালয়ৰ সৈতে এই সকলোবােৰ দিশ চোৱা-চিতা কৰিব। উল্লেখ্য যে ৰাজ্যখনৰ সম্প্রতিক বান পৰিস্থিতি তথা বানাক্রান্ত সকলক উপযুক্ত সা-সুবিধা প্ৰদানৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ লগতে কেন্দ্রীয় চৰকাৰেও যথেষ্ট দায়বদ্ধতাৰে কাম কৰি আছে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীয়ে বিদেশ ভ্ৰমণ সামৰি নতুন দিল্লীত পদার্পণ কৰাৰ পিছতে ৰাজ্যৰ বান পৰিস্থিতি সম্পর্কে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ লগত টেলিফোন যোগে বার্তালাপ কৰে আৰু বানাক্রান্তসকলৰ সাহাৰ্য্য সামগ্রীকে ধৰি সকলো ধৰণৰ সহায় সহযোগ আগবঢ়োৱাৰ ক্ষেত্ৰত কেন্দ্রীয় চৰকাৰে ৰাজ্য চৰকাৰক সহায় কৰিব বুলি আশ্বাস দিয়ে। কেন্দ্রীয় গৃহমন্ত্রী ৰাজনাথ সিঙেও মুখ্যমন্ত্রীৰ সৈতে টেলিফোনেৰে বার্তালাপ কৰি বান পৰিস্থিতিৰ বুজ লোৱাৰ লগতে কেন্দ্রীয় চৰকাৰৰ পৰা এই ক্ষেত্ৰত সকলো ধৰণৰ সহায়-সহযোগিতা আগবঢ়োৱা হ’ব বুলি মুখ্যমন্ত্রীক নিশ্চিতি প্ৰদান কৰিছে। কেন্দ্রীয় গৃহ ৰাজ্যিক মন্ত্রী কিৰেণ ৰিজিজুৱে প্ৰধানমন্ত্রীৰ নির্দেশ মৰ্মে অসমৰ বানপানীৰ ক্ষয়-ক্ষতিৰ বুজ লোৱাৰ বাবে ৰাজ্যখনত উপস্থিত হৈছে। কেন্দ্রীয় মন্ত্রী গৰাকীৰ লগত নিটি আয়োগৰ বিষয়ববীয়া সকলো আহিছে যাতে ৰাজ্যখনৰ বানপানীৰ ক্ষয়-ক্ষতিৰ সঠিক বিৱৰণ প্রস্তুত কৰিব পাৰে।