ৰঙিয়া, ৬ জুলাইঃ ৰঙিয়া ৰেল সংমণ্ডল ডিআৰএম কাৰ্যালয়ত আছুৱে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। ৰেল বিভাগত তৃতীয় আৰু চতুৰ্থ শ্ৰেণীত ১০০ শতাংশ থলুৱা নিযুক্তি, উত্তৰ পূৰ্বাঞ্চললৈ সুকীয়া ৰেল নিয়োগ মণ্ডল গঠন কৰাৰ দাবীত আছুৱে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। উল্লেখ্য যে, ৰাজ্যৰ ৰেল বিভাগত ১০০ শতাংশ থলুৱা নিযুক্তিৰ কাৰণে বিভিন্ন দল-সংগঠনে দীৰ্ঘদিন ধৰি দাবী জনাই আহিছিল যদিও বিভাগটোৱে এই ক্ষেত্রত কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উঠিছে৷ শেহতীয়াভাৱে ৰঙিয়া সংমণ্ডলত ৫১ গৰাকী বহিঃৰাজ্যৰ যুৱকক নিযুক্তি দিয়াত আছুৱে তীব্ৰ ক্ষোভ প্ৰকাশ কৰি চৰকাৰ বিৰোধী শ্ল’গানেৰে চৌদিশ উত্তাল কৰি তোলে। প্ৰতিবাদকাৰীসকলে ৰেল ৰাজ্যিক মন্ত্ৰী ৰাজেন গোঁহাইকো কঠোৰ ভাষাৰে সমালোচনা কৰি তেওঁ প্ৰতিকৃতি দাহ কৰে। লগতে সংমণ্ডলটোত পৰবৰ্তী সময়ত নিযুক্তিৰ ক্ষেত্রত থলুৱাক বঞ্চনা কৰিলে ভয়াবহ পৰিস্থিতিৰ সন্মুখীন হ’ব লাগিব বুলি বিভাগটোক সকীয়াই দিয়ে।