ৰঙিয়া ১৯ জুনঃ ৰঙিয়া মহকুমাত বৰলীয়া নৈৰ বাঢ়নি পানীয়ে ধুহি লৰমাৰ কাঠৰ দলঙখন উটুৱাই নিয়াত  ৰঙিয়া আৰু হাজো সমষ্টিৰ সীমাকেবাখনো গাঁৱৰ মাজত যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে। মুষলধাৰ বৰষুণৰ বাবে কালৰূপ ধাৰণ কৰা বৰলীয়া নৈয়ে লৰমাত থকা দলংখন অৰ্ধাংশ উটুৱাই নিয়ে । বৃহত্তৰ অঞ্চলটোৰ যোগাযোগৰ একমাত্ৰ মাধ্যম দলংখন ভাঙি যোৱাত গঞা লোকসকল মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। ক্ষুব্ধ জনতাই পৰিবৰ্তনকামী চৰকাৰৰ লগতে হাজো সমষ্টিৰ বিধায়িকা সুমন হৰিপ্ৰিয়াৰ বিৰুদ্ধে মুৰ্দাবাদ ধ্বনিৰে পৰিবেশ উত্তাল কৰি ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে। অৱশেষত কঞা ৰাজহ চক্ৰ বিষয়া প্ৰতিবাদস্থলীত উপস্থিত হৈ প্ৰতিবাদকাৰী সকলক শান্ত কৰাৰ চেষ্টা কৰে ।বিষয়াগৰাকীয়ে সাময়িকভাৱে যাতায়তৰ বাবে নাওৰ ব্যৱস্থা কৰিব বুলি আশ্বাস দিয়াত পৰিস্থিতি কিছু শান্ত হয় । উল্লেখ্য যে পূৰ্বৰ পৰাই দুৰ্বল হৈ থকা এই দলংখন মেৰামতি কৰাৰ বাবে ৰাইজে বিভাগীয় কৰ্তৃপক্ষক বাৰম্বাৰ অনুৰোধ কৰি আহিছিল । কিন্তু অকৰ্মণ্য গড়কাপ্টানি বিভাগে আজিলৈকে দলংখন মেৰামতিৰ ব্যৱস্থা নকৰিলে । যাৰ বাবে দলংখন বাঢ়নি পানীয়ে ধুহি লৰমাৰ কাঠৰ দলঙখন এনেদৰে উটুৱাই নিয়ে বুলি স্থানীয় লোকে অভিযোগ কৰে।