ৰঙিয়া, ৭ আগষ্টঃ ৰঙিয়াত নাৰায়ণ পূজাৰ বুট মাহ খাই বিষক্ৰিয়া হৈ  ২০টাকৈ অধিক পৰিয়াল লোক অসুস্থ হয়৷ প্ৰাপ্ত তথ্য মতে, মঙ্গলবাৰে নিশা  সুন্ধিয়াৰ গিৰীশ মালীৰ  ঘৰত আয়োজন কৰা হৈছিল সত্য নাৰায়ণ পূজাৰ। নাৰায়ণ পূজাৰ প্ৰসাদ খোৱাৰ পিছত বুধবাৰৰ পৰা  চুবুৰীটোৰ লোকসকল ক্ৰমে অসুস্হ হৈ পৰে। বৰ্তমান চুবুৰীটোৰ ত্ৰিশৰো অধিক লোক বিষক্ৰিয়াত আক্ৰান্ত হোৱাৰ উপৰি ৮ জনকৈ পুৰুষ-মহিলা তথা শিশুক চিকিৎসালয়ত ভৰ্ত্তি কৰা হৈছে। প্ৰসাদত কেনেদৰে বিষক্ৰিয়া হ’ল সেই সন্দৰ্ভত বৰ্তমানেও নিশ্চিত তথ্য জানিব পৰা হোৱা নাই।