অনলাইন ডেস্ক, ৭ জুনঃ দেশৰ মুৰব্বী তথা ভাৰতবৰ্ষৰ সংবিধানৰ সবাতোতকৈ ক্ষমতাশালী পদবী ৰাষ্ট্ৰপতি নিৰ্বাচনৰ দিন নিৰ্বাচনী আয়োগে ঘোষনা কৰিলে৷ অহা ১৭ জুলাইত অনুষ্ঠিত হ’ব ৰাষ্ট্ৰপতি নিৰ্বাচন৷ নিৰ্বাচনী আয়োগে ১৪ জুনত ৰাষ্ট্ৰপতি নিৰ্বাচনৰ অধিসূচনা জাৰি কৰিব৷ প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম তাৰিখ ২৮ জুন আৰু ২৯ জুনত মনোনয়ন পত্ৰসমূহ পৰীক্ষণ কৰা হ’ব৷ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম তাৰিখ ১ জুলাই৷ ১৭ জুলাইত পুৱা ১০ বজাৰ পৰা বিয়লি ৫ বজালৈ ৰাষ্ট্ৰপতি পদৰ কাৰণে ভোটদান অনুষ্ঠিত হ’ব আৰু ২০ জুলাইত ভোট গণনা কৰা হ’ব৷ মুখ্য নিৰ্বাচনী বিষয়া নসীম জেদীয়ে জানিবলৈ দিয়া মতে, সংবিধানৰ নিয়ম অনুসৰি ৰাষ্ট্ৰপতি নিৰ্বাচনত সৰ্ম্পূণ গোপনীয়তা অৱলম্বন কৰা হ’ব৷ কোনো ৰাজনৈতিক দলে দলীয় মন্ত্ৰী-বিধায়কক ৰাষ্ট্ৰপতি নিৰ্বাচনত ভোটদানৰ ক্ষেত্ৰত হিপ জাৰি কৰিব নোৱাৰিব৷ ৰাষ্ট্ৰপতি নিৰ্বাচনত ভোটদানৰ কাৰণে নিৰ্বাচনী আয়োগে বিশেষ কলমৰ ব্যৱস্থা কৰিছে৷ ভোটদাতা সকলক ভোটদানৰ প্ৰাকক্ষণত এই কলম দিয়া হ’ব৷ ভোটদাতা সকলে বেলেগ কলমেৰে ভোটদান কৰিলে, সেই ভোট নাকচ কৰা হ’ব৷