গুৱাহাটী, ১৪ আগষ্টঃ দেশৰ একতা সুদৃঢ় কৰি ৰখাৰ ক্ষেত্ৰত জনসাধাৰণক উদবুদ্ধ কৰাৰ উদ্দেশ্যে ৭১ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে কামৰূপ মহানগৰ জিলা প্রশাসনে মহানগৰ আৰক্ষীৰ সহযোগত আজি “ৰাষ্ট্ৰীয় সংহতি দীেৰ” শীৰ্ষক সমূহীয়া দীেৰ অনুষ্ঠিত কৰে। উলুবাৰীৰ ডা° ভুবনেশ্বৰ বৰুৱা পথৰ ৰাধাগোবিন্দ বৰুৱা ক্রীড়া প্রকল্পৰ পৰা জজ খেল পথাৰলৈ আয়োজন কৰা এই ৰাষ্ট্ৰীয় সংহতি দীেৰ পুৱা সাত বজাত পতাকা জোকাৰি যুটীয়া ভাৱে আনুষ্ঠানিক ভাবে মুকলি কৰে মুখ্যমন্ত্রীৰ মিডিয়া উপদেষ্টা হৃষিকেশ গোস্বামী, মুখ্যসচিব ভিকে পিপার্চেনীয়া আৰু আৰক্ষী সঞ্চালক মুকেশ চাহায়ে। ইয়াৰ পূর্বে কামৰূপ মহানগৰ জিলা উন্নয়ন আয়ুক্ত বৰ্ণালী শৰ্মাই অভ্যাগত সকলক আদৰণি জনাই এই দৌৰৰ উদ্দেশ্যে বাখ্যা কৰে। কামৰূপ মহানগৰ জিলা উপায়ুক্ত ড° এম অংগমুথু মহানগৰ আৰক্ষী আয়ুক্ত হীৰেন চন্দ্ৰ নাথ, ক্রীড়া সচিব এছ জি বৰুৱা, ক্রীড়া সঞ্চালক পবিত্ৰ খাউণ্ড, অতিৰিক্ত উপায়ুক্ত ক্ৰমে প্রশান্ত প্রতিম কাঠকটীয়া, পলাশ প্রতিম বৰা, পুলক মহন্ত, নবদীপ পাঠক, চক্র বিষয়া দামোদৰ বৰ্মন, বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া সকল, চিআৰপিএফৰ ডিআইজি আৰ এছ কোটেলা, কেন্দ্রীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ সমন্বয়ক মুন্না সিং, বি.এছ.এফৰ বিষয়া জমিৰ খানকে ধৰি এনডি আৰ.এফ, এছাডআৰএফ আৰু আইটিবিপিৰ বিষয়া সকলে এই দৌৰত অংশ গ্ৰহণ কৰে। উল্লেখ্য যে এই সমূহীয়া দৌৰত মহানগৰীৰ নাগৰিক সমিতি সমূহৰ লগতে উলুবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, আৰ্য বিদ্যাপীঠ, পানবজাৰ ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়, কটন কলেজিয়েট, কামৰূপ একাডেমী, এলঅ’জি স্কুলকে ধৰি কেবাখনো বিদ্যালয়ৰ কেবাহেজাৰো শিক্ষার্থীয়ে অংশগ্ৰহণ কৰে। দীেৰত অংশগ্রহণকাৰী সকলে জজ খেল পথাৰত উপস্থিত হােৱাৰ লগে লগে দীেৰৰ অন্ত পৰে। অংশগ্রহনকাৰী সকলৰ বাবে জিলা প্রশাসনে লঘু আহাৰৰ ব্যৱস্থা কৰে।