ৰঙিয়া, ২২ জুনঃ ধন লুট আৰু ডকাইতিৰ দৰে অপৰাধৰ ট্ৰানজিট পইন্টত পৰিণত হৈছে ৰঙিয়া। ৰঙিয়াৰ ৰেল ষ্টেচনত ইৰানী গ্ৰুপৰ এজন সদস্যই দিন দুপৰতে যাত্ৰীৰ পৰা ধন ভৰ্তি বেগ লৈ পলায়ন কৰে। প্ৰাপ্ত তথ্য অনুহৰি, অৰুণাচল প্ৰদেশলৈ যাবলৈ অহা এগৰাকী কেৰেলাৰ মহিলা যাত্ৰীক দুৰ্বৃত্তটোৱে ৰাসায়নিক দ্ৰব্য ছটিয়াই কৌশলেৰে বেগটো লুটি নিয়ে। পিছত দুৰ্বৃত্তই ধনখিনি লৈ বেগটো ৰঙিয়াৰ বেচৰকাৰী বাছ আস্থানত পেলাই দিয়ে। বেগটোত দহ হাজাৰ নগদ ধন থকা বুলি ভুক্তভোগী যাত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। অৰুণাচলৰ নাহৰলগুণৰ এখন নাৰ্ছিং হোমত কৰ্মৰত আম্বিলি সজীৱ নামৰ মহিলাগৰাকী স্বামীৰ লগতে কেইজনমান সহযোগীৰ সৈতে কেৰেলাৰ পৰা আহি ৰঙিয়া ষ্টেচনত উপস্থিত হৈছিল। নাহৰলগুণলৈ যোৱাৰ বাবে ষ্টেচনত ট্ৰেনৰ অপেক্ষা কৰি থকা সময়তে এজন দুৰ্বৃত্তই প্ৰথমে মহিলা গৰাকীৰ শৰীৰত অতি কৌশলেৰে ৰাসায়নিক দ্ৰব্য ছটিয়াই দিয়ে। মহিলাগৰাকীৰ খজুৱতী ধৰোতে দুৰ্বৃত্তটোৱে বেগটো কাঢ়ি পলায়ন কৰে।