ক্ষেত্ৰী, ২৮ জুলাইঃ চাইক্লিং এছ’চিয়েছন অৱ আসাম আৰু কামৰূপ জিলা চাইক্লিং এছ’চিয়েছনৰ উদ্যোগত ক্ষেত্ৰীত তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে সপ্তম আন্তঃজিলা চাইক্লিং প্ৰতিযোগিতাৰ৷ ৰাজ্যৰ ক্ৰীয়া আৰু যুৱ কল্যান মন্ত্ৰী নৱ কুমাৰ দলেয়ে প্ৰতিযোগিতাখন আনুষ্ঠানিক ভাবে মুকলি কৰে৷ সপ্তম আন্তঃজিলা চাইক্লিং প্ৰতিযোগিতাখন ১৪-১৯ বছৰ অনুৰ্দ্ধৰ ল’ৰা-ছোৱালী উভয় শাখাত অনুষ্ঠিত হৈছে৷ ৰাজ্যৰ ১৭ খন জিলাৰ ২০০ গৰাকী প্ৰতিযোগিয়ে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে৷ আজি বিজয়ী প্ৰতিযোগীক মন্ত্ৰী নৱ কুমাৰ দলেয়ে বঁটা প্ৰদান কৰি গ্ৰামাঞ্চলত ক্ৰীয়া প্ৰসাৰৰ কাৰণে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰাৰ কথা জানিবলৈ দিয়ে৷