অৰুণাচল প্ৰদেশ, ২৮  নৱেম্বৰঃ চীনৰ দক্ষিণ তিব্বতৰ পৰা অৰুণাচল প্ৰদেশত চিয়াং নাম লৈ অসমলৈ অহা ব্ৰহ্মপুত্ৰৰ ওপৰত নামি আহিছে সংকট। অৰুণাচল প্ৰদেশত চিয়াং নৈত এক অস্বাভাৱিক পৰিৱৰ্তন প্ৰলক্ষিত হৈছে। শুকাবলৈ ধৰিছে চিয়াং নৈ, লেতেৰা হৈ পৰিছে চিয়াংৰ পানী, চিয়াংৰ পানীত মিহলি হৈছে চিমেণ্ট। চিয়াংৰ পানীত চিমেণ্ট কৰ পৰা আহিছে, কিয় শুকাবলৈ ধৰিছে চিয়াং এই প্ৰশ্নই চিন্তিত কৰি তুলিছে চুৱাৰীয়া ৰাজ্যখনৰ বাসিন্দাক। চীনৰ সীমান্তৱৰ্তী অৰুণাচল প্ৰদেশৰ চিয়াং নৈৰ এনে অস্বাভাৱিক পৰিৱৰ্তনক লৈ শেহতীয়াকৈ বিভিন্ন প্রশ্নৰ অৱতাৰণা হৈছে। চীনে দক্ষিণ তিব্বতৰ পৰা বিঞ্জিয়াং প্ৰদেশলৈ বিশ্বৰ ভিতৰতে সবাতোকৈ দীঘল প্ৰায় ১০০০ কিল’মিটাৰ দৈৰ্ঘৰ সুৰংগ নিৰ্মান কৰি য়াৰলুং ছাংপো নদী তাকলিমাকান মৰুভূমিলৈ বোৱাই নিয়াৰ যি পৰিকল্পনা কৰিছে ইয়াৰে পৰিণতিত অৰুণাচলত চিয়াং নৈত এনে পৰিৱৰ্তন হোৱা বুলি শংকা প্ৰকাশ কৰিছে বিভিন্নজনে। চিয়াং নৈত হোৱা এই পৰিবৰ্তনক লৈ অৰুণাচল প্ৰদেশৰ লোকসভাৰ সাংসদ নিনিং এৰিঙ ২৫ নৱেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ পত্ৰ প্ৰেৰণ কৰি সমগ্ৰ বিষয়তো অৱগত কৰিছে। এৰিঙ প্ৰধানমন্ত্ৰীক এই বিষয়টো অন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত উত্থাপন কৰি ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ গতিবিধিৰ তথ্য লাভৰ বাবে আহ্বান জনাইছে। অৰুণাচলৰ সাংসদগৰাকীয়ে প্ৰকাশ কৰে যে শীতকালত চিয়াং নৈৰ পানী কিছুপৰিমানে হ্ৰাস পায় যদিও বৰ্তমান চিয়াংৰ পানী অস্বাভাৱিক হাৰত হ্ৰাস পাইছে। চিয়াং নৈৰ পৰিষ্কাৰ পানী হঠাৎ লেতেৰা হৈ পৰিছে আৰু নৈখনে বোকাজাতীয় সামগ্ৰী কঢ়িয়াই আনিছে। সাংসদগৰাকীয়ে চিয়াং নৈৰ পানী পৰীক্ষা কৰি উল্লেখ কৰে যে চিয়াংৰ পানীত চিমেণ্ট মিহলি হৈ থকা যেন অনুভৱ হয়। সাংসদগৰাকীয়ে আৰু উল্লেখ কৰে যে চীনৰ সীমান্তৱৰ্তী আপাত চিয়াংত যোৱা এমাহৰ ভিতৰত বৃহৎ সংখ্যাক মাছৰ মৃত্যু হৈছে। বিভিন্ন সময়ত চীনে ব্ৰহ্মপুত্ৰ নৈৰ পানী মৰুভূমিলৈ বোৱাই নিয়াৰ বাবে সুৰং নিৰ্মান কৰাৰ কথা পোহৰলৈ আহিছে যদিও চীনে এই কথা অস্বীকাৰ কৰি আহিছে। কিন্তু চিয়াং নৈৰ অস্বাভাৱিক পৰিৱৰ্তনে চীনৰ সুৰং নিৰ্মাণৰ সত্যতাক একপ্ৰকাৰ প্ৰমাণিত কৰি তুলিছে। বিভিন্ন তথ্য অনুসৰি চীনে এই গোপন সুৰংৰ মাধ্যমেৰে দক্ষিণ তিব্বতৰ পৰা ব্ৰহ্মপুত্ৰৰ প্ৰায় ১০ পৰা ১৫ বিলিয়ন টন পানী চীনৰ মৰুভূমিলৈ বোৱাই নিব। যদি এনে হয় তেন্তে ব্ৰহ্মপুত্ৰ নৈ শুকাই অসম মৰুভূমিত পৰিণত হোৱাৰ সম্ভৱনা অধিক।