সোনাপুৰ, ১০ জুলাইঃ সোনাপুৰৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত ডিভাইডাৰত উঠিল ইকো ইছপোৰ্টছ। মহানগৰীৰ বৰ্ণিহাটৰ পৰা সোনাপুৰ অভিমুখে যাত্ৰাৰ সময়তে গাড়ীখনৰ চালক বিশ্বজিত দাসে পথ এৰি ডিভাইডাৰত চলালে ইকো ইছপোৰ্টছ। ডিভিদাৰৰ ওপৰত গাড়ী দেখা পাই স্থানীয় ৰাইজৰ মাজত হুৱাদুৱা লাগে। পিছত স্থানীয় লোকে দুৰ্ঘটনা গ্ৰস্ত গাড়ীখনৰ পৰা চালজনক উলিয়াই আনে। চালকজনৰ পৰা দুর্ঘটনাৰ কাৰণ জানিব বিচৰাত চালকজনৰ মন্তব্য শুনি সকলো অবাক হৈ পৰে। চালকে গমেই নাপায় গাড়ী পথৰ ওপৰত আছে নে ডিভাইডাৰৰ ওপৰত? মাত্ৰ তিনি পেক খাই চালকজন ঘৰৰ পৰা ওলাইছিল। তিনিপেকৰ নিচাত গাড়ী উঠিল ডিভাইডাৰত। বৰ্তমান সোনাপুৰ আৰক্ষীয়ে চালক সহ গাড়ীখন আৰক্ষী চকীলৈ লৈ যায়।