সোণাপুৰ, ২১ ছেপ্টেম্বৰঃ সোণাপুৰ আৰক্ষী থানাৰ অন্তৰ্গত যোগদলত নিশা এক ভয়াৱহ ঘটনা সংঘটিত হয়৷ প্ৰাপ্ত তথ্য মতে, গোপাল চন্দ্ৰ দাস নামৰ লোকজনৰ ঘৰত মাজনিশা অচিনাক্ত দুৰ্বৃত্তই প্ৰৱেশ কৰি গেৰেজত থকা এল্ট কে১০ আৰু এখন মটৰ চাইকেলত তেল ঢালি জ্বলাই দিয়াৰ লগতে ওচৰৰে গড়কাপ্তানী পথ মেৰামতিত ব্যৱহাৰ কৰা ৰোলাৰত অগ্নি সংযোগ কৰে। পৰিয়ালৰ লোকে বাহন দুখন জুয়ে সম্পূৰ্ণৰূপে আগুৰি ধৰাৰ পূৰ্বে গম পাই অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে, পৰিয়ালৰ লোকে জানিবলৈ দিয়া অনুসৰি, পূৰ্বেও দুৰ্বৃত্তই দাসৰ গৃহত থকা গাড়ীখন জ্বলাই দিয়াৰ চেষ্টা কৰিছিল কিন্তু সফল পোৱা নাছিল। সম্প্ৰতি গোপাল চন্দ্ৰ দাসে সমগ্ৰ ঘটনা সন্দৰ্ভত সোণাপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে যদিও বৰ্তমানলৈ কোনো লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই।