সোণাপুৰ, ৭ আগষ্টঃ সোণাপুৰ আৰক্ষী আৰু চিআৰপিএফৰ এটা দলে নিশা যুটীয়াভাবে অভিযান চলাই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এখন গাড়ীত অহা দুজন ব্যক্তিৰ পৰা এটা ৯ এমএম পিষ্টল আৰু পাঁচজাই গুলিসহ দুজন যুৱকক আটক কৰে৷ প্ৰাপ্ত তথ্য মতে, নগাঁৱৰ লাওঁপানীৰ পৰা বিজু আমচং (২০) আৰু সুশিল পাল (২৪) নামৰ যুৱক দুজনে এএছ০১ পি৭১৩৮ নম্বৰৰ এখন মাৰুতি ৮০০ কাৰত এটা ৯এমএম পিষ্টল আৰু পাঁচ জাই গুলি অনাৰ সময়ত আৰক্ষী আৰু চিআৰপিএফৰ দলে গোপন সূত্ৰৰ পম খেদি যুৱক দুজনক আটক কৰে৷ আৰক্ষী সূত্ৰে জানিব পৰা মতে যুৱক দুজনে সোণাপুৰৰ কোনো লোকক ৯০হাজাৰ টকাত বিক্ৰি কৰাৰ কাৰণে পিষ্টল আৰু গুলিসমূহ আনিছিল৷ আটকাধীন যুৱক দুজনৰ কোনো উগ্ৰপন্থী সংগঠনৰ সদস্য নে অস্ত্ৰ ব্যৱসায়ী সেয়া বৰ্তমানলৈ জানিব পৰা হোৱা নাই৷ আৰক্ষীয়ে যুৱক দুজনৰ তদন্ত অব্যাহত ৰাখিছে৷