সোণতলী, ১১ জুলাইঃ দক্ষিণ কামৰূপৰ ছয়গাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত মহিমাৰী ছিনিয়ৰ মাদ্ৰাছাৰ সহকাৰী শিক্ষক  আশ্ৰাফ আলী তালুকদাৰক বিদ্যালয়ৰ পৰা আনুষ্ঠানিকভাৱে বিদায়ী সম্বৰ্ধনা জনোৱা হয়। মহিমাৰী ছিনিয়ৰ মাদ্ৰাছাৰ অধ্যক্ষ আব্দুল গফুৰ আনছাৰৰ সভাপতিত্বত বিদায়ী সম্বৰ্ধনা সভাখন অনুষ্ঠিত হয়। সম্বৰ্ধনা সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক জাহাংগীৰ হুছেইনে৷ কোৰাণ পাঠৰ পিচতে গজল পাঠ কৰে ছাত্ৰী জাহানাৰা খাতুনে৷ সম্বৰ্ধনা সভা পৰিচালনা কৰে মাদ্ৰাছাৰ উচ্চ পৰ্যায়ৰ সহায়ক ফাজাইল হুছেইনে৷ উক্ত সভাতে মহিমাৰী ছিনিয়ৰ মাদ্ৰাছাখনত এঘাৰ মাহ ভাৰপ্ৰাপ্ত অধীক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰা সদ্য অৱসৰপ্ৰাপ্ত সহকাৰী শিক্ষক আশ্ৰাফ আলী তালুকদাৰক শিক্ষানুষ্ঠানৰ শিক্ষক-কৰ্মচাৰীৰ লগতে মাদ্ৰাছাৰ ছাত্ৰ-ছাত্ৰীসকলে ফুলাম গামোচা, শৰাই, জাপি, পায়জামা-পাঞ্জাবী, ফুলৰ থোপা, কিতাপ-কলম, ছাতি, লাঠি, তছবী, ৰুমাল উপহাৰ প্ৰদান কৰি সন্মান যাচে৷ সম্বৰ্ধনা সভাত মহিমাৰী ছিনিয়ৰ মাদ্ৰাছাৰ সহকাৰী শিক্ষকদ্বয় আব্দুল খালেক ছাহজাহান আলী, জিয়াউল হক, অৱসৰপ্ৰাপ্ত সহকাৰী শিক্ষকদ্বয় আশ্ৰাফ আলী, আব্দুল হক, মহিমাৰী টাইটেল মাদ্ৰাছাৰ অধ্যক্ষ ওৱাৰিছ আহমেদ, প্ৰবক্তাদ্বয় ইউছুফ আলী আহমেদ, হিবজুৰ ৰহমান অংশগ্ৰহণ কৰে৷