গুৱাহাটী, সংবাদ ৩৬৫, ২৩ এপ্ৰিলঃ শৰাইঘাটৰ দ্বিতীয় দলঙৰে ব্ৰহ্মপুত্ৰৰ বুকুত জাঁপ দি আত্মহত্যা কৰাৰ ভাবুকি প্ৰদান কৰি সোমাবাৰে নৱনির্মিত দলঙখনত উপস্থিত হয় ২৭২ গৰাকী এছপিঅ জোৱান। এছপিঅ জোৱান সকলে এক প্ৰতিবাদ সাব্যস্ত কৰি শৰাইঘাটৰ দ্বিতীয়টো দলঙৰ পৰা ব্ৰহ্মপুত্ৰৰ বুকুত জাঁপ দিয়াৰ ভাবুকি প্ৰদান কৰে। উল্লেখ্য যে, ২০০৮ চনত নিযুক্তি প্ৰদান কৰা এছপিঅ জোৱান সকলৰ চাকৰি নিয়মীয়াকৰণৰ দাবীত সোমবাৰে শৰাইঘাট দলঙৰ ওপৰত প্ৰতিবাদ সাব্যস্ত কৰে ২৭২ গৰাকী এছপিঅ জোৱানে। ২০০৮ চনৰ পৰা বঞ্চনাৰ সন্মুখীন হোৱা বুলি অভিযোগ কৰি এই এছপিঅ জোৱান সকলে চাকৰি নিয়মীয়া নকৰিলে লুইতত জাঁপ দিয়াৰ ভাবুকি প্ৰদান কৰে। জোৱান সকলে শৰাইঘাট দলঙৰ ওপৰত প্ৰতিবাদ সাব্যস্ত কৰাত দলঙখনৰ দুয়োপৰে ৰাজপথত অসংখ্য যান বাহন আবদ্ধ হৈ পৰাত তীব্ৰ যানজঁটৰ সৃষ্টি হয়। চাকৰি নিয়মীয়া কৰণৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিবলৈ অহা কিছুমান এছপিঅ জোৱানে শৰাইঘাটৰ দ্বিতীয়খন দলঙৰ পৰা ব্ৰহ্মপুত্ৰত জাঁপ দি আত্মহত্যাৰো চেষ্টা চলাই যদিও আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়।