অনলাইন ডেস্ক, ২৬ মেঃ তেজপুৰৰ পৰা উৰা মৰাৰ পিছতেই আকাশমাৰ্গত ৰেডাৰৰ সংযোগ বিচ্ছিন্ন হৈ নিখোজ হৈ থকা চুখই-৩০ বিমানখনৰ ধ্বংসাবশেষ উদ্ধাৰ হৈছে৷ চুখই-৩০ বিমানখন আকাশমাৰ্গত ৰেডাৰৰ সংযোগ বিচ্ছিন্ন হোৱা স্থানত দুৰ্ঘটনাগ্ৰস্ত হয়৷ যুঁজাৰু বিমানখনৰ ধ্বংসাবশেষৰ কিছু অংশ ভাৰত-চীন সীমান্তত উদ্ধাৰ কৰা হৈছে৷ চুখই-৩০ বিমানখনে ২৩ মে’ৰ পুৱা ৯.৩০ বজাত তেজপুৰৰ বায়ুসেনা কেন্দ্ৰৰ পৰা অনুশীলনৰ কাৰণে উৰা মৰাৰ পিছত ১১.১৫ বজাত চীন সীমান্ত আৰু অৰুণাচল প্ৰদেশৰ  ডৌলসাগ অঞ্চলৰ মাজত বিমানখনৰ বায়ুসেনাৰ ৰেডাৰ আৰু ৰেডিঅ’ৰে সংযোগ বিচ্ছিন্ন হয়৷ প্ৰায় তিনি দিন ধৰি বিমানখনৰ উদ্ধাৰ অভিযান অব্যাহত ৰখাৰ পিছত আজি ভাৰত-চীন সীমান্তত বিমানখনৰ ধ্বংসাৱশেষৰ কিছু অংশ উদ্ধাৰ কৰা হয়৷ দুৰ্ঘটনাৰ সময়ত বিমানখনত এজন স্ক্ৰোয়াড্ৰন লিডাৰ আৰু এজন ফ্লাইট লেফটেন্যান্ট উপস্থিত আছিল৷ বৰ্তমানলৈ এই দুজন পাইলটৰ কোনো শুংসূত্ৰ উদ্ধাৰ কৰিব পৰা হোৱা নাই। উল্লেখ্য যে, দুই ইঞ্জিন যুক্ত ছুখই ৩০ বিমান ৰাছিয়াৰ নিৰ্মাণ কৰা হয়৷ ভাৰতৰ প্ৰতিৰক্ষা ক্ষেত্ৰত ছুখই ৩০ বিমানখনে অতি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে৷ ভাৰতীয় বায়ুসেনাৰ ২৪০ খন ছুখই ৩০ বিমানৰ এতিয়ালৈ ৮ খনকৈ বিমান দূৰ্ঘটনাত পতিত হৈছে।