গোৱালপাৰা, ২০ ছেপ্টেম্বৰঃ জাতিৰ পিতা মহাত্মা গান্ধীৰ সপোনৰ ভাৰত গঢ়াৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আৰম্ভ কৰা স্বচ্ছ ভাৰত অভিযান বাস্তৱায়িত কৰাৰ লক্ষ্যৰে সমগ্ৰ  দেশৰ লগতে অসমতো ৰাজ্যপাল, মুখ্যমন্ত্ৰীয়ে স্বচ্ছতা হি সেৱা অৰ্থাৎ স্বচ্ছতাই সেৱা কাৰ্য্যসূচীৰ বহুল প্ৰচাৰ কৰা সময়তে গোৱালপাৰাত এক বিপৰীত ছবি প্ৰতিফলিত হৈছে৷ গোৱালপাৰাৰ ৰাজপথৰ লগতে বিভিন্ন অঞ্চলত আৰ্ৱজনাই জিলাখনত কন্দৰ্যময় আৰু দুৰ্গন্ধময় পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ চৰকাৰৰ বঞ্চনাৰ প্ৰতিবাদত গোৱালপাৰাৰ পৌৰ কৰ্মচাৰীয়ে যোৱা ৮ ছেপ্টেম্বৰৰ পৰা কৰ্মবিৰতি পালন কৰা আৱৰ্জনাই সমগ্ৰ জিলাখনত অৱৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ ফলত গোৱালপাৰা জিলা প্ৰশাসনে অন্য চাফাই কৰ্মচাৰীক আৱৰ্জনা নিষ্কাষণত লগোৱাত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ পৌৰসভাৰ চাফাই কৰ্মচাৰীয়ে প্ৰশাসনৰ চাফাই কামত বাধা প্ৰদান কৰি চৰকাৰ বিৰোধী শ্ল’গানেৰে চৌদিশ উত্তাল কৰি তোলে৷ পৌৰ কৰ্মীসকল ইয়াতে ক্ষান্ত নাথাকি আত্মজাহৰো চেষ্টা চলায়৷ উল্লেখ্য যে, গোৱালপাৰাৰ পৌৰ কৰ্মচাৰীৰ দৰ্মহা বিগত আঠ মাহ ধৰি অনাদায় হৈ আছে৷ কৰ্মচাৰীসকলে দুৰ্গা পুজাৰ পূৰ্বে প্ৰাপ্য দৰ্মহা আদায়ৰ দাবীত যোৱা ৮ ছেপ্টেম্বৰৰ পৰা কৰ্মবিৰতি পালন কৰিছে৷ পৌৰ কৰ্মচাৰীৰ এই প্ৰতিবাদৰ ফলত জিলাখনত আৱৰ্জনাই কন্দৰ্যময় আৰু দুৰ্গন্ধময় পৰিবেশৰ সৃষ্টি কৰিছে৷ যাৰ ফলত উপায়ন্ত হৈ জিলা প্ৰশাসনে আজি অন্য চাফাই কৰ্মীক চাফাই কামত নিয়োজিত কৰাত ক্ষুন্ন পৌৰ কৰ্মীৰ প্ৰশাসনৰ লগত সংঘাটৰ সৃষ্টি হয়৷ অৱশেষত প্ৰতিবাদস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে৷ আৰক্ষীয়ে ২০জন চাফাই কৰ্মীক আটক কৰে৷ গোৱালপাৰাৰ পৌৰ কৰ্মচাৰীয়ে দুৰ্গা পুজাৰ পূৰ্বে প্ৰাপ্য দৰ্মহা আদায় নিদিলে আত্মজাহ যোৱাৰ ভাবুকি দিয়ে৷