কাজিৰঙা, ২৬ জুনঃ কেন্দ্ৰীয় চৰকাৰে মডেলিটিৰ প্ৰতিবেদন ৩০ জুনৰ ভিতৰত দাখিল নকৰিলে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিছে টাই আহোম ছাত্ৰ সন্থাই। কাজিৰঙাত এক সংবাদমেলত এই তথ্য সদৰি কৰি সন্থাৰ কেন্দ্ৰীয় সভাপতি মনোজ গগৈয়ে কয় যে নিদিৰ্ষ্ট সময়ৰ ভিতৰত প্ৰতিবেদন দাখিল নকৰিলে ১ জুলাই পৰা টাই আহোম ছাত্ৰ সন্থাকে ধৰি ছয় জনগোষ্ঠীয়ে তীব্ৰ গণতান্ত্রিক আন্দোলন গঢ়ি তুলিব। তেওঁ লগতে অহা ১৪ জুলাইত কাজিৰঙাৰ বচাগাঁও নাট্যমন্দিৰত অনুষ্ঠিত হ’বলগীয়া প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীলৈ কোনো ৰাজনৈতিক ব্যক্তিক নিমন্ত্ৰন জনোৱা নহয় বুলি জানিবলৈ দিয়ে। অনুষ্ঠানত উচ্চতৰ মাধ্যমিক আৰু আৰু উচ্চ মাধ্যমিক পৰীক্ষাত প্ৰথম স্থানপ্ৰাপক ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱা হ’ব। প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি টাই আহোমৰ পৰম্পৰাগত থলুৱা সাজপাৰৰ প্ৰদৰ্শনীৰ উপৰি সাংস্কৃতিক সন্ধিয়া আয়োজন কৰা হৈছে।