অনলাইন ডেস্ক সংবাদ ৩৬৫, ১৪ ডিচেম্বৰঃ শীতৰ নিশা ৰাজপথত কুঁৱলীৰ মাজেৰে গাড়ী চলাই যোৱা ট্ৰাক চালকসকলক গৰম চাহ পান কৰাইছে আৰক্ষীয়ে। পশ্চিম বংগৰ চব্বিশ পৰগনাৰ ৰাষ্ট্ৰীয় ঘাইপথত দুর্ঘটনা নিয়ন্ত্ৰণ কৰাৰ উদ্দেশ্য এই পদক্ষেপ গ্ৰহণ কৰিছে আৰক্ষীয়ে। শীতৰ নিশা কুঁৱলীয়ে আগুৰি থকা ৰাজপথত ট্ৰাক চলোৱা চালকসকলৰ স্নায়ু সতেজ ৰখাৰ বাবে আৰক্ষীয়ে বিনামূলীয়াকৈ গৰম চাহ পান কৰিবলৈ দিছে। চব্বিশ পৰগনাৰ পাঁচটাকৈ আৰক্ষী চকীৰ আৰক্ষীয়ে নিশা ৰাষ্ট্ৰীয় ঘাই পথেৰে যাত্রা কৰা ট্ৰাক চালকসকলকৰ ট্ৰাক ৰখাই কিছুসময় জিৰণি লবলৈ দি হাতত তুলি দিয়ে একাপ গৰম চাহ। পশ্চিম বংগৰ উত্তৰ চব্বিশ পৰগনা জিলাত আছে দুটাকৈ ৰাষ্ট্ৰীয় ঘাইপথ, ইয়াৰে এটা যায় বাংলাদেশ সীমান্তলৈ আৰু আনটো পথ কলকাতা হৈ উত্তৰ বংগলৈ যায়। এই ৰাষ্ট্ৰীয় ঘাইপথ দুটাৰে উৰে নিশা মালবাহী ট্ৰাকসমূহ চলাচল কৰে। আৰক্ষীয়ে জনাবলৈ দিয়া মতে উৰে নিশা ট্ৰাক চলোৱাৰ ফলত ট্ৰাক চালকসকল ভাগৰি যোৱাত বিভিন্ন সময়ত দুর্ঘটনা সংঘটিত কৰে। শীতৰ নিশা পথৰ কাষত থকা চাহৰ দোকানসমূহো সোনকালে বন্ধ কৰাত ট্ৰাক চালকসকল চাহৰ দোকানত একাপ গৰম চাহ পান কৰি অলপ সময় জিৰণি লবলৈও সুযোগ নাপাই। আৰক্ষীৰ হাতত পৰা একাপ গৰম চাহ পান কৰি ট্ৰাক চালকসকল পুনৰ নিজৰ যাত্ৰা আৰম্ভ কৰে।