চৰাইদেউৰ পৰা আছিকুৰ ৰহমান, ১০ ডিচেম্বৰঃ দেওবাৰে চৰাইদেউৰ লাকুৱাত আৰক্ষীয়ে চাৰিজনকৈ তেল চোৰক আটক কৰে। তেল আৰু প্রাকৃতিক গেছ নিগমৰ লাকুৱা জিজিএচৰ সমীপত কণ্ডেঞ্চাৰ পাইপ ফুটা কৰি তেল চোৰ কৰা তেল চোৰ চক্রটোৰ মূল নায়ক ধৰ্মেন্দ্ৰ গগৈক তেওঁৰ তিনি সহযোগী সৈতে আটক কৰে। আৰক্ষীয়ে ৩ নং ভেলগুৰি গাঁৱৰ মন্দীপ ফুকন, দেৱজিত খৰীয়া আৰু ৩ নং লাকুৱাৰ পাপু চৌধুৰীক ধৰ্মেন্দ্ৰক তেল চুৰ কৰাত সহযোগ কৰাৰ অপৰাধত আটক কৰে। তেল চোৰ চক্ৰটোৰ মূল নায়ক ধৰ্মেন্দ্র গগৈ তেল আৰু প্রাকৃতিক গেছ নিগমৰ এজন ঠিকাদাৰ। প্রতিষ্ঠানটো কৰ্মচাৰী লগতে অএনজিচিৰ নিৰাপত্তা ৰক্ষীক মেনেজ কৰি ধৰ্মেন্দ্ৰই বহু বছৰ ধৰি তেল চুৰিৰ কাৰ্যৰ লগত জড়িত আছিল। লাকুৱা আৰক্ষীয়ে ধৃত চোৰ কেইটাক গ্ৰেপ্তাৰ কৰি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে।