গুৱাহাটী, ২০ মেঃ গুৱাহাটীৰ মাছখোৱা সাংস্কৃতিক প্ৰকল্পত অহা ২৮ মে’ত গুৱাহাটী ৰাউণ্ড টেবুল ২৩৫য়ে দ্য ফানী ৰাস্কেলছৰ দ্বিতীয়টো সংস্কৰণৰ আয়োজন কৰিছে। বিশিষ্ট ব্যংগশিল্পী অভিষেক উপমন্যু, মানিক মহনা আৰু সোণালী ঠাক্কৰে অনুষ্ঠান পৰিৱেশন কৰিব। ৰাউণ্ড টেবুল ইণ্ডিয়াৰ অধীনস্থ গুৱাহাটী ৰাউণ্ড টেবুল ২৩৫য়ে আয়োজন কৰা দ্য ফানী ৰাস্কেলছৰ দ্বাৰা সংগৃহীত ধন হাজোৰ সমীপৰ দদৰাস্থিত শংকৰদেৱ শিশু নিকেতনৰ আন্তঃগাঁথনি উন্নয়নত সহায় কৰা হ’ব।

ৰাউণ্ড টেবুল ইণ্ডিয়াৰ অভিলাষী প্ৰকল্প স্বাধীনতাৰ জৰিয়তে শিক্ষাৰ অধীনত গুৱাহাটী ৰাউণ্ড টেবুল ২৩৫য়ে দদৰাৰ বিদ্যালয়খনৰ উন্নয়নৰ কামত লাগি আছে। এই টেবুলৰ লক্ষ্য হৈছে সংশ্লিষ্ট বিদ্যালয়খনত পুনৰ উন্নয়ন সাধন কৰা।

এই সন্দৰ্ভত গুৱাহাটী ৰাউণ্ড টেবুল ২৩৫ৰ অধ্যক্ষ পাৰবীন গোৱেলে কয় যে, দদৰাৰ শিশু নিকেতনখন চাৰিটা পৰ্যায়ত মুঠ ১০,৫০০ বৰ্গফুটৰ কাম কৰা হ’ব। ইয়াৰে প্ৰথম দুটা পৰ্যায়ৰ কাম ইতিমধ্যে সম্পূৰ্ণ কৰাৰ লগতে মুকলিও কৰা হৈছে। ৰাউণ্ড টেবুল ইণ্ডিয়াৰ অনুমোদন লাভ কৰিলেই তৃতীয় পৰ্যায়ৰ কাম আৰম্ভ হ’ব। চলিত বৰ্ষৰ শেষভাগত বিদ্যালয়খনিৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ আশা কৰা হৈছে।

তেওঁ লগতে কয় যে, বিদ্যালয়খনৰ উন্নয়নৰ হকে পুঁজি সংগ্ৰহ কৰিবলৈ দ্য ফানী ৰাস্কেলছ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। বিগত বৰ্ষত অনুষ্ঠিত দ্য ফানী ৰাস্কেলছৰ প্ৰথমটো কাৰ্যসূচী যথেষ্ট সফল হৈছিল আৰু এই বছৰো দৰ্শকৰ সমাগম বৃদ্ধি পাব বুলি আশা কৰা হৈছে।

অহা ২৮ মে’ৰ আবেলি ৫ বজাৰ পৰা এই অনুষ্ঠান আৰম্ভ হ’ব আৰু বিদ্যালয় গৃহৰ আন্তঃগাঁথনি উন্নয়নত সহায় কৰাৰ বাবে প্ৰায় ৮০০ লোকৰ অংশগ্ৰহণ আশা কৰা হৈছে।

অনুষ্ঠানৰ টাইটল স্পনছৰ ষ্টন ইণ্ডিয়াৰ প্ৰবীন ছাৰাউগীয়ে কয় যে,  শিক্ষা গ্ৰহণৰ প্ৰতিটো শিশুৰ অধিকাৰ আছে আৰু ৰাউণ্ড টেবুল ইণ্ডিয়াৰ স্বাধীনতাৰ জৰিয়তে শিক্ষা অভিযানক সমৰ্থন জনাইছোঁ, কাৰণ তেওঁলোকে পিছপৰা শ্ৰেণীৰ শিশুসকলৰ বাবে বিদ্যালয় নিৰ্মাণ কৰি আছে।

দদৰাত বিদ্যালয়ৰ নিৰ্মাণৰ উপৰি গুৱাহাটী ৰাউণ্ড টেবুল ২৩৫য়ে ফটাশিলত হৰিজন প্ৰাথমিক বিদ্যালয়ৰ এটা পৰিত্যক্ত শ্ৰেণীকোঠা পুনৰ নিৰ্মাণ কৰিছিল। ২০১৩ চনৰ ৩০ মাৰ্চত শুভাৰম্ভ হোৱা গুৱাহাটী ৰাউণ্ড টেবুলে ছুপাৰ স্পেচিয়েলিটী স্বাস্থ্য পৰীক্ষা শিবিৰো অনুষ্ঠিত কৰিছে য’ত ৮৯২ গৰাকী লোকে স্বাস্থ্য পৰীক্ষা কৰিছে।