ৰহা, ২২ জুনঃ উত্তৰ পূব সীমান্ত ৰেলৱেত তৃতীয় বৰ্গৰ পদত নিযুক্তিৰ ক্ষেত্ৰত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ যুৱক-যুৱতীক বঞ্চনা কৰাৰ অভিযোগ উত্থাপন হৈছে। ৰেলৱেত কমাৰ্চিয়েল এপ্ৰেনটিচ পদৰ বাবে গুৱাহাটীৰ ৰেলৱেৰ নিযুক্তি বৰ্ডে প্ৰকাশ কৰা ৫১ জনীয়া তালিকাত এজনো থলুৱা প্ৰাৰ্থী নাম নথকাৰ অভিযোগ উঠিছে৷ তালিকাত নাম থকা অধিকাংশই হৈছে উত্তৰ প্ৰদেশ আৰু বিহাৰৰ প্ৰাৰ্থী। নিযুক্তিৰ ক্ষেত্ৰত ৰাজ্যৰ থলুৱা প্ৰাৰ্থীক বঞ্চনা কৰা কাৰ্যক কঠোৰ ভাষাৰে সমালোচনা কৰিছে সদৌ অসম ছাত্ৰ সন্থাই৷ সন্থাৰ কাৰ্য্যনিৰ্বাহক সদস্য মৃদল হাজৰিকাই তীব্ৰ ক্ষোভ প্ৰকাশ কৰি কয় যে, অসমৰ সাংসদ ৰাজেন গোঁহাই ৰেল ৰাজ্যৰ মন্ত্ৰীৰ দায়িত্ব থকাৰ পিছতো ৰেল বিভাগত ৰাজ্যৰ থলুৱা প্ৰাৰ্থীক বঞ্চনা কৰা কাৰ্যই প্ৰকৃততে ৰেলমন্ত্ৰী গৰাকীৰ অকৰ্মান্যতাকে প্ৰমাণিত কৰে৷ কেন্দ্ৰ আৰু ৰাজ্যত বিজেপি চৰকাৰ থকাৰ পিছতো অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ যুৱক-যুৱতীক বঞ্চিত কৰি বহিঃৰাজ্যৰ প্ৰাৰ্থীক নিযুক্তি দিয়া কাৰ্যই কেন্দ্ৰীয় চৰকাৰৰ অসমৰ প্ৰতি থকা অৱহেলা মনোভাৱক পুনৰবাৰ প্ৰতিপন্ন কৰিছে৷ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ যুৱক-যুৱতীৰ মেধা নাই নেকি? সদৌ অসম ছাত্ৰ সন্থাই ৰেল বিভাগৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদত থলুৱা লোকৰ কাৰণে সংৰক্ষণ কৰি নিযুক্তিৰ প্ৰক্ৰিয়া পুনৰ আৰম্ভ নকৰিলে ৰাজ্যজুৰি ব্যাপক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে৷