ৰঙিয়া, ৭ ছেপ্টেম্বৰঃ ৰঙিয়াৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এক ভয়াবহ পথ দুৰ্ঘটনাত এগৰাকী ছাত্ৰীৰ মৃত্যু হোৱাৰ লগতে আন এগৰাকী ছাত্ৰী গুৰুতৰ ভাবে আহত হয়৷ প্ৰাপ্ত তথ্য মতে, ৰঙিয়াৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ উদিয়ানাত এএছ-০১-এচি-২৪৫০ নম্বৰৰ  নিকিতা নামৰ তীব্ৰবেগী বাছে দুই স্কুলীয়া ছাত্ৰীক খুন্দিয়াই ঘটনাস্থলীৰ পৰা পলায়ন কৰে। বাছখনৰ খুন্দাত নাজমিন চুলতানা (১৩) থিতাতে নিহত হয় আৰু সংগীতা বেগম (১৩) গুৰুতৰ ভাবে আহত হয়৷ কিশোৰী দুগৰাকী উদিয়ানা মধ্য ইংৰাজী বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ ছাত্ৰী৷ গুৰুতৰভাৱে আহত সংগীতাক ৰঙিয়াৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও পিছত সংকটজনক অৱস্থাত জিএমচিএইছলৈ প্ৰেৰণ কৰা হৈছে। স্থানীয় লোকে চালক সহ বাছক কৰায়ত্ব কৰাৰ দাবীত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথটো অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷  পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰাত ঘটনাস্থলীত আৰক্ষী-অৰ্ধ সামৰিক বাহিনী মোতায়েন হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে৷