টিংখাং, ১৯ জানুৱাৰী: টিংখাং বিধান সভা সমষ্টিৰ এটা পঞ্চায়তত  ১০০ কৰ্ম ঘণ্টাৰ ভিতৰত  ১০০০ হাজাৰ শৌচাগাৰ নিৰ্মাণ সম্পূৰ্ণ কৰা হৈছে । এই ব্যতিক্ৰমী সংকল্প গ্ৰহণ কৰি সফলতাৰে কৰ্ম সংস্কৃতিৰ এক নিৰ্দশন দাঙি ধৰিছে বিধায়ক বিমল বড়াই। কথা মতেই হ’ল কাম। যুদ্ধকালীন ক্ষীপ্ৰতাৰে  কৰা হৈছিল এই কামৰ আৰম্ভ। টিংখাঙৰ বিভিন্ন ক্ষেত্ৰত কৰ্মৰত ২৩ টা এন জি অ’ আৰু ৪৩০ জন মিস্ত্ৰী- যোগালিক এই দায়িত্ব অর্পণ কৰা হৈছিল। নিতৌ নিচেই পুৱাৰে পৰা  যুদ্ধকালীন ক্ষীপ্ৰতাৰে চলে শৌচাগাৰ নিৰ্মাণৰ কামসমূহ।  পুহমহীয়া হাড় কঁপোৱা জাৰকো নেওচি পুৱা ৫ বজাৰ পূৰ্বেই বিচনা এৰি খোজেৰে  বিধায়ক বড়াই নিজেই কামৰ পৰ্যবেক্ষণ কৰিবলৈ গাঁৱৰ ঘৰে ঘৰে ভুমুকি মাৰে। বিধায়ক বড়াৰ এনে ক্ষীপ্ৰতাত থৰকাচুটি হেৰায় বিভাগীয় বিষয়া,  কৰ্মচাৰীসকলৰ লগতে ঠিকাদাৰ, মিস্ত্রী, শ্ৰমিকৰ । অৱশেষত নিৰ্ধাৰিত ১০০ ঘন্টাৰ মুৰত কাম সম্পন্ন হ’ল । যেন সফলতাৰ মুখ দেখিবলৈ সক্ষম হ’ল সকলোৱে। নতুন শৌচাগাৰ লাভ কৰি হিতাধিকাৰীসকলো আনন্দিত হৈ পৰিছে। উল্লেখযোগ্য যে, প্ৰধানমন্ত্ৰীৰ স্বচ্ছ ভাৰত অভিযান মিছনৰ অন্তৰ্গত মুকলিত মলত্যাগমুক্ত  পঞ্চায়ত হিচাপে গঢ়ি তোলাৰ এক বিশেষ কাৰ্যসূচী হাতত লৈ এই আঁচনিৰ অধিনত টিংখাং সমষ্টিৰ অন্তৰ্গত বৰবাম পঞ্চায়তত ১০০ কৰ্ম ঘণ্টাৰ ভিতৰত  এহেজাৰ শৌচাগাৰ নিৰ্মাণৰ সংকল্প গ্ৰহণ কৰে।  যাৰ বাবে বিধায়ক গৰাকীৰ নেতৃত্বত ২৩ টা এন জি অ  আৰু ৪৩০ জন মিস্ত্ৰী- যোগালি তথা শ্ৰমিকক দায়িত্ব দি কাম আগবঢ়াই নিয়ে। দীৰ্ঘদিনে টিংখাঙৰ  বৰবাম পঞ্চায়তত অনাময়  আঁচনি অধিনত শৌচাগাৰ নিৰ্মাণৰ কাম অতি লেহেমীয়া গতিৰে আগবাঢ়ি আহিছিল। শেহতীয়াকৈ বিধায়ক গৰাকীয়ে এই ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰে। পূৰ্বে নিৰ্মাণ কৰি অহা অনাময় আঁচনিৰ অধিনৰ শৌচাগাৰ সমূহৰ তুলনাত একেখন আঁচনিৰ অধিনতে বৰ্তমান অতি সুন্দৰ ৰূপত নিৰ্মাণ কৰি  সকলোৰে দৃষ্টি আকৰ্ষণ কৰে।