তিতাবৰ, ১১ জুলাইঃ টাই আহোম, চুতীয়া, চাহ-জনগোষ্ঠী, কোঁচ-ৰাজবংশী, মৰাণ আৰু মটক জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত ছয় জনগোষ্ঠী ঐক্যমঞ্চই তিতাবৰত তিনি ঘন্টীয়া ৰেল অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰে। উল্লেখ্য যে, ছয় জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত ঐক্যমঞ্চই বিভিন্ন সময়ত অসম বন্ধ, পথ অৱৰোধ, পুট্টলিকা দাহৰ দৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি আহিছে। ইয়াৰ পিছতো কেন্দ্ৰ-ৰাজ্য চৰকাৰে ছয় জনগোষ্ঠী জনজাতিকৰণৰ মডেলিটি বৰ্তমানলৈ প্ৰস্তুত কৰাৰ কাৰণে বিহিত ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে। যাৰ কাৰণে ছয় জনগোষ্ঠী ঐক্য মঞ্চই বিভিন্ন ঠাইত ৰেল অৱৰোধৰ দৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। ঐক্যমঞ্চই নৰেদ্ৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰক নিৰ্বাচনৰ আগমুহূৰ্তত ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ মডেলিটি প্ৰস্তুতৰ যি প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতি শীঘ্ৰে পূৰণৰ দাবী জনায়। অন্যথা অনাগত দিনত চৰকাৰৰ বিৰুদ্ধে ইয়াতকৈ অধিক জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে।