তিতাবৰ, ২১ ছেপ্টেম্বৰঃ পে’ট্ৰল ডিজেলকে ধৰি ইন্ধনজাত সামগ্ৰীৰ অত্যাধিক মূল্যবৃদ্ধিৰ প্ৰতিবাদ তিতাবৰত যুৱ কংগ্ৰেছে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ যুৱ কংগ্ৰেছীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰতিকৃতি দাহ কৰি চৰকাৰ বিৰোধী শ্ল’গানেৰে চৌদিশ উত্তাল কৰি তোলে৷ উল্লেখ্য যে, সম্প্ৰতি পে’ট্ৰল ডিজেলকে ধৰি ইন্ধনজাত সামগ্ৰীৰ অত্যাধিক মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণক জুৰুলা কৰিছে৷ নিৰ্বাচনৰ প্ৰাকক্ষণত শাসকীয় দলটোৱে সামগ্ৰীৰ অত্যাধিক মূল্যবৃদ্ধি ৰোধৰ প্ৰতিশ্ৰুতিৰে শাসনৰ বাঘজৰী হাতত লৈ বৰ্তমান ওলোটা খৰ মৰা অভিযোগ কৰি যুৱ কংগ্ৰেছে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ প্ৰতিবাদকাৰীসকলে চৰকাৰখনক শীঘ্ৰে পে’ট্ৰল ডিজেলকে ধৰি ইন্ধনজাত সামগ্ৰীৰ অত্যাধিক মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ দাবী জনায়।