সোণতলী, ১৫ মেঃ হাজোৰ পিছত এইবাৰ দক্ষিণ কামৰূপৰ সোণতলী, বৰপেটাকে ধৰি ৰাজ্যৰ সংখ্যালঘু অধ্যুষিত অঞ্চলসমূহত ভেকচিনৰ উৰাবাতৰিয়ে আতংকময় পৰিবেশৰ সৃষ্টি কৰিছে৷ ভেকচিনৰ ভয়ত বিদ্যালয় এৰি পলায়ন কৰিছে সোণতলী গৰৈমাৰী, নগৰবেৰা, বৰপেটাকে ধৰি সংখ্যালঘু বসতি প্ৰধান অঞ্চলৰ ছাত্ৰ-ছাত্ৰীয়ে৷ শিক্ষাৰ্থী শূণ্য হৈ পৰিছে এই অঞ্চলসমূহৰ বিদ্যালয়সমূহ৷ উল্লেখ্য যে, কিছুদিন পূৰ্বে ৰাষ্ট্ৰীয় নিউজ চেনেলত প্ৰকাশিত এক ভিডিঅ’ক কেন্দ্ৰ কৰি প্ৰচাৰ কৰা হৈছিল এক বাতৰি, য’ত দেখুৱা হৈছিল ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এক পোষ্ট। পোষ্টটোত উল্লেখ আছিল যে, ভেকচিনৰ নামত  মুছলমান ছাত্ৰ-ছাত্ৰীসকলক পুৰুষত্বহীন বনোৱাৰ বাবে দুষ্টচক্ৰই ষড়যন্ত্ৰ ৰচনা কৰিছে৷ এই ভেকচিন দিলে ভৱিষ্যতে মুছলমান লোকসকলৰ ল’ৰা-ছোৱালীয়ে সন্তান জন্ম দিব নোৱাৰিব আৰু ভেকচিনৰ নামত এই বেজী এতিয়া বিদ্যালয়সমূহত মুছলমান ছাত্ৰ-ছাত্ৰীক দিয়াৰ ব্যৱস্থা কৰা হৈছে। এই বাতৰিৰ পিছতে সংখ্যালঘু অধ্যুষিত অঞ্চলসমূহত চাঞ্চল্যকৰ পৰিবেশ সৃষ্টি হৈছে৷ যি সময়ত বেজিৰ আতংকত সোণতলী অঞ্চলৰ চৰকাৰী তথা ব্যক্তিগত বিদ্যালয়সমূহ বন্ধ হৈ পৰা পৰিলক্ষিত হৈছে, তেনে সময়ত সোণতলীৰ আৰাফা ৰয়েল একাডেমি আৰু নাজমা-হীৰা মে’মৰিয়েল পাব্লিল স্কুলত চলি থাকিল পাঠদান৷ এই শিক্ষানুষ্ঠান সমূহৰ অভিভাৱকে ছাত্ৰ-ছাত্ৰীক বিদ্যালয়ৰ পৰা বলপূৰ্বক ভাৱে লৈ যোৱাৰ চেষ্টা কৰিছিল, যদিও বিদ্যালয় কৰ্তৃপক্ষই অভিভাৱক সকলক নিশ্চয়তা প্ৰদান কৰি উভতাই পঠায়৷