বৰপেটা, ১৫ মেঃ ৰাজ্যৰ চৰকাৰী চিকিৎসালয় আৰু চিকিৎসা মহাবিদ্যালয়সমূহৰ পয়ালগা স্বৰূপটাে আতৰ কৰাৰ পৰিৱর্তে প্ৰতিখন জিলাত চিকিৎসা মহাবিদ্যালয় স্থাপনৰ ঘোষণা কৰি স্বাস্থ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আকোঁৰগোজ মনোভাৱৰ বাবে ক্ৰমাৎ নিম্নমানৰ হৈ পৰিছে চৰকাৰী চিকিৎসা ব্যৱস্থা। বিগত কিছুদিন ধৰি চৰকাৰী চিকিৎসা ব্যৱস্থাৰ পয়ালগা স্বৰূপটাে সংবাদ মাধ্যমত সবিস্তাৰে প্ৰকাশ কৰাৰ পিচতো বিষয়টােৰ প্ৰতি স্বাস্থ্যমন্ত্রী গৰাকীয়ে কোনো গুৰুত্ব প্রদান নকৰাৰ ফলত চৰকাৰী চিকিৎসালয়ত অব্যাহত আছে ৰােগীৰ যন্ত্রণা আৰু ৰােগীৰ আত্মীয়ৰ হিয়াভাঙা ক্ৰন্দন। আজি পুনৰ তেনে এক অনুৰূপ ঘটনা সংঘটিত হয় বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পতালত। আজি বৰপেটাৰ এগৰাকী বিবাহিত লোকে মৃত্যুক সাৱটি লোৱাৰ ঘটনাই অঞ্চলটােত চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই বিবাহিত লোকগৰাকী হৈছে বৰপেটা চহৰৰ দহাটীৰ নিবাসী সুভাষ দাস। প্রাপ্ত অভিযোগ অনুসৰি জ্যেষ্ঠ চিকিৎসকৰ চিকিৎসা লাভ নকৰাৰ বিপৰীতে “ইণ্টাৰ্ণশ্বিপ এ প্রেছক্ৰাইব কৰা ইনজেক্সন প্রয়ােগ কৰাৰ পোন্ধৰ মিনিট পিচতে সুভাষ দাসৰ মৃত্যু হয়। এই ঘটনাক লৈ আজি বৰপেটা চিকিৎসা মহাবিদ্যালয়ত এক উত্তেজনাময় পৰিৱেশৰাে সৃষ্টি হয়। পৰিয়ালৰ লোকে আজি জানিবলৈ দিয়া অনুসৰি, চর্দি-কাহত ভূগি থকা সুভাষ দাসে শ্বাস-প্রশ্বাসত অসুবিধাৰ সন্মুখীন হােৱাৰ পিচতে আজি পুৱতি নিশা প্রায় তিনি বজাত পৰিয়ালৰ লোকে তেওঁক বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভর্তি কৰে। চাৰি বজাত জৰুৰীকালীন কক্ষত ভর্তি কৰা সুভাষ দাসক জ্যেষ্ঠ চিকিৎসক নথকাত আজি পুৱা প্রায় ৭-৩০ বজালৈ বিনা চিকিৎসাই থাকিবলগা হয়। ইয়াৰ পৰিৱৰ্তে কর্তব্যত থকা দুজনকৈ “ইণ্টাৰ্ণশ্বিপ’এ দাসক চিকিৎসা সেৱা আগবঢ়ায়। তেওঁলোকৰ পৰামর্শ অনুসৰি প্ৰথম অৱস্থাত সুভাষ দাসক ডিঙি এক্সৰে কৰিবলৈ দিয়া হয়। পিচত এই এক্সৰে ৰিপর্ট স্বাভাৱিক থকা বুলি “ইণ্টাৰ্ণশ্বিপ’ এগৰাকীয়ে দাসৰ পৰিয়ালক অৱগত কৰে। ইয়াৰ পিচত তেওঁক ইচিজি কৰা হয়। এই ইচিজি পৰীক্ষাত স্বাভাৱিক ফলাফল ওলোৱাৰ কথাও অৱগত কৰে দাসৰ পৰিয়ালক। এনেদৰে সময় অতিক্রম কৰি পুৱা প্রায় ৭-৩০ বজাত সুভাষ দাসৰ অৱস্থা সামান্য জটিল হৈ পৰাত এগৰাকী “ইণ্টাৰ্ণশ্বিপ’এ দাসৰ পৰিয়ালৰ লোকক এটা ইনজেক্সন আনিবলৈ কয়। পৰিয়ালৰ লোকে এই ইনজেক্সনটাে আনি দিয়াৰ পিচতে প্রায় ৭-৪৫ বজাত দেহত সুভাষ দাসৰ দেহত ইনজেক্সনটাে প্রয়োগ কৰা হয়। কিন্তু প্রায় পোন্ধৰ মিনিট পিচতে সুভাষ দাসে শেষ নিশ্বাস ত্যাগ কৰে। ৩৩ বছৰীয়া সুভাষ দাসৰ এনে আকস্মিক মৃত্যুক কেন্দ্ৰ কৰি চিকিৎসা মহাবিদ্যালয় চৌহদত এক উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হয়। পৰিয়ালৰ লোকে ভুল চিকিৎসাৰ বাবেই সুভাষ দাসে মৃত্যুক আকোৱালি ল’বলগা হৈছে বুলি অভিযোগ উত্থাপন কৰে। চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভর্তি কৰাৰ পিচত জ্যেষ্ঠ তথা অভিজ্ঞ চিকিৎসকৰ চিকিৎসা সেৱা লাভ কৰিব লাগিছিল যদিও এই সময়ছোৱাত কোনো চিকিৎসক উপস্থিত নথকাৰ অভিযোগো উত্থাপন কৰে পৰিয়ালৰ লোকে। ইপিনে, সুভাষ দাসৰ মৃত্যুৰ সন্দৰ্ভত তেওঁৰ কনিষ্ঠ ভাতৃ খনিন্দ্র দাসে বৰপেটা সদৰ থানাত এখন এজাহাৰ দাখিল কৰিছে আৰু এজাহাৰৰ জৰিয়তে এক উচিত তদন্তৰ দাবী উত্থাপন কৰিছে।