কোকৰাঝাৰ, ২৮ মেঃ কোকৰাঝাৰ জিলা উছু সন্থাৰ উদ্যোগত ১৩ তম জিলা উছু প্ৰতিযোগিতাখন কোকৰাঝাৰ বহুমুখী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হয়। কোকৰাঝাৰ জিলাৰ অন্তৰ্গত বিভিন্ন প্ৰান্তৰ মুঠ ১০ টা ক্লাৱৰ শতাধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰা উছু প্ৰতিযোগিতাখনৰ অন্তিম দিনা মুখ্য অতিথি ৰূপে উপস্থিত থাকে আৰক্ষী অধীক্ষক ৰাজেন সিঙ। সিঙে ভাষণ প্ৰসঙ্গত সকলো খেলুৱৈক কঠোৰ পৰিশ্ৰম আৰু শৃংখলাবোধ্যতাৰে আগুৱাই সফল খেলুৱৈ ৰূপে নিজক প্ৰতিস্থা কৰিবলৈ অনুপ্ৰাণিত কৰে। আনহাতে কোকৰাঝাৰ জিলা উছু সন্থাৰ সভানেত্ৰী তথা বি টি চিৰ খেল বিভাগৰ বিভাগীয় মুৰব্বী যোজনাৱতী বসুমতাৰীয়ে কয় যে, কোকৰাঝাৰ জিলা উছু সন্থাই ১৩ বছৰ ধৰি জিলাৰ উঠি অহা যুৱ প্ৰজন্মক ক্ৰীয়াৰ প্ৰতি আগ্ৰহী কৰা উদ্দেশ্যে এনেধৰণৰ খেল-প্ৰতিযোগিতা উদযাপন কৰি আহিছে। চলিত ১৩ তম জিলা উছু প্ৰতিযোগিতাত প্ৰথম তিনিটা স্থানপ্ৰাপ্ত পাৰদৰ্শীতা খেলুৱৈ তথা বিজয়ী সকলে ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ সুবিধা পাব। লগতে কোকৰাঝাৰ জিলাৰ উছু সন্থাৰ পৰা কিছুমান বাচনিকৃত খেলুৱৈ সকলক আন্তৰ্জাতিক পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পৰাকৈ অনুশীলন কৰিবলৈ পঠোৱা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে৷ উছু প্ৰতিযোগিতাৰ বিজয়ী খেলুৱৈ সকলোক পদকৰ লগতে মানপত্র প্ৰদান কৰা হয়।