আজিজুল হক

বৰপেটা 

১৫ অক্টোবৰ

অখিল গগৈক বিনাচৰ্তে মুকলি আকাশৰ তললৈ এৰি দিয়া, বৰপেটাৰ বৃহত্তৰ ভেল্লা অঞ্চলত বিদ্যুৎ যোগান নিয়মীয়াকৰণ কৰা, জিঅ’ নেটৱৰ্কৰ বিভিন্ন সমস্যা সমাধান কৰা আদিৰ দাবীৰে ভেল্লা বজাৰত পথ অৱৰোধৰ কাৰ্যসূচী ৰূপায়ণ কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে। ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ভেল্লা আঞ্চলিক সমিতিৰ উদ্যোগত লোৱা এই কাৰ্যসূচীত ভেল্লা অঞ্চলৰ ৰাইজে সঁহাৰি জনায়। প্ৰায় ঘন্টাজোৰা পথ অৱৰোধৰ ফলত বৰপেটা-দৌলাশাল-গুৱাহাটী মুল পথত বৃহৎ যান-জঁটৰ সৃষ্টি হয়।

কৃষক নেতা অখিল গগৈৰ মুক্তিৰ লগতে বিভিন্ন দাবীত দীৰ্ঘ সময়লৈকে পথ অৱৰোধ কৰা স্থানৰ তিনিদিশে যান বাহনবোৰ আৱদ্ধ হৈ পৰে আৰু পথচাৰীৰ কিছু অসুবিধাৰ সন্মুখীন হয়। পথ অৱৰোধকাৰীয়ে বিজেপি চৰকাৰ হায় হায়, সৰ্বানন্দ সোনোৱাল মূৰ্দাবাদ, বিদ্যুৎ বিভাগ হায় হায়, অখিল গগৈক মুক্তি দিয়ক আদি বিভিন্ন শ্ল’গানেৰে ৰাজপথ উত্তাল কৰি তোলে। অখিল গগৈক অসম আৰু অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষাৰ দূৰ্দান্ত সংগ্ৰামী নেতা বুলি অভিহিত কৰি অখিল গগৈ অবিহনে অসমৰ সংগ্ৰামী জগতখন উকা অনুভৱ কৰে ভেল্লা আঞ্চলিক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক মুস্তানুৰ হকে। দীৰ্ঘদিনে কাৰাবন্ধী হৈ থকা অখিল গগৈক বিনাচৰ্তে মুকলি কৰি দিয়াৰ দাবী তোলাৰ লগতে বৃহত্তৰ ভেল্লা অঞ্চলত বিদ্যুৎ যোগান নিয়মীয়া কৰাৰ দাবী তোলে। অনিয়মীয়া বিদ্যুৎ যোগান কাৰ্যৰে অসম চৰকাৰৰ বিদ্যুৎ বিভাগে ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত জীৱনক লৈ হেতালি খেলাৰ অভিযোগ তুলি প্ৰতিবাদীসকলে ভেল্লা অঞ্চলত ২৪ ঘন্টা নহয় ৪ ঘন্টাও বিদ্যুৎ যোগান বাহাল নথকাৰ অভিযোগ তোলে। বিদ্যুৎ কৰ্তনৰ সমস্যা সমাধানৰ কৰাৰো দাবী তোলে পথ অৱৰোধকাৰীয়ে।

ইপিনে ভেল্লাত দীৰ্ঘদিনে জিঅ’ৰ অতি নিম্নমানৰ সেৱাৰ বিৰুদ্ধেও প্ৰতিবাদ সাব্যস্ত কৰে। জিঅ’ নেটৱৰ্কৰ সেৱা উন্নত কৰাৰ বাবেও দাবী জনায়। অন্যথা আন্দোলন অব্যাহত থাকিব বুলিও কয় প্ৰতিবাদকাৰীয়ে। কাৰ্য্যসূচীত সমিতিৰ সভাপতি মাৰকান আৰবাৰিকৰ লগতে সংগঠনটোৰ অইন সদস্য সকলেও উপস্থিত থাকে।